ETV Bharat / state

বোকাজানত খাদ্যত বিষক্ৰিয়া হৈ ৮ বছৰীয়া শিশুৰ মৃত্যু

বোকাজান কয়লামাটিৰ আৰলংপীৰা গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ 50 ৰো অধিক লোক অসুস্থ হৈ পৰিছে ৷ এই বিষক্ৰিয়াত আক্ৰান্ত হৈ এগৰাকী 8 বছৰীয়া কন্যা শিশুৰ মৃত্যু হোৱা বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে ৷

author img

By

Published : Oct 15, 2021, 7:00 PM IST

_FOOD POISONING AT BOKAJAN
বোকাজানত বিষক্ৰিয়া হৈ ৮ বছৰীয়া কিশোৰীৰ মৃত্যু

ডিফু, ১৫ অক্টোবৰ : বোকাজান কয়লামাটিৰ আৰলংপীৰা গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ 50 ৰো অধিক লোক অসুস্থ হৈ পৰিছে ৷ এই বিষক্ৰিয়াত আক্ৰান্ত হৈ এগৰাকী 8 বছৰীয়া কন্যাৰ মৃত্যু হৈছে বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে ৷ স্থানীয় লোকে সদৰী কৰা মতে, গাঁওখনৰ এঘৰ মানুহৰ সকামত দিয়া চাহৰ লগত খাষ্টা বিস্কুট খাই অসুস্থ হৈ পৰিছে গাঁওখনৰ বহু লোক ।

বিস্কুট খোৱাৰ পিছতে বিষক্ৰিয়া হৈ পেটবিষ, বমি আৰু ডায়েৰীয়াত ভুগিছে গাঁওবাসীয়ে । বিষক্ৰিয়াত আক্ৰান্ত সকলক তাৎক্ষণিকভাৱে বোকাজান সামূহিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ ইয়াৰে কেইবাজনৰো অৱস্থা অতি সংকটতজনক ৷

স্বাস্থ্য অধিক অৱনতি ঘটাৰ বাবে গাঁওখনৰ দুজন লোকক উন্নত চিকিৎসাৰ বাবে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰলৈ নিয়া হৈছে বুলি জানিব পৰা গৈছে ৷ ইফালে পৰিস্থিতি বুজ ল'বৰ বাবে বোকাজান সামূহিক চিকিৎসালয়ত উপস্থিত হৈছে নিলিপ পৰিষদীয় সদস্য পবিত্ৰ ৰংপি ৷ উক্ত ঘটনাৰ সন্দৰ্ভত তদন্ত কৰা হ'ব বুলি আশ্বাস দিছে পবিত্ৰ ৰংপিয়ে ৷

লগতে পঢ়ক: সামাজিক মাধ্যমৰ জৰিয়তে সদস্য ভৰ্তিৰ বাবে চেষ্টা চলাইছে আলফাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.