ETV Bharat / state

ডিফুত আবদ্ধ শ্ৰমিকৰ মাজত জিলা প্ৰশাসনৰ খাদ্য সামগ্ৰী বিতৰণ

ডিফুত আবদ্ধ কেইবাখনো জিলাৰ শ্ৰমিকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কাৰ্বি আংলং জিলা প্ৰাশানৰ ।

food donated by district administration in diphu

author img

By

Published : Apr 14, 2020, 6:59 PM IST

ডিফু, ১৪ এপ্ৰিলঃ লক্ ডাউনৰ ফলত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ হৰিলাল বস্তিৰ ৰংনিহান পথাৰত আবদ্ধ হৈ থকা নগাঁও, মৰিগাঁও আৰু হোজাইৰ লগতে কেইবাখনো জিলাৰ শ্ৰমিকৰ ভাড়াতীয়া লোকৰ মাজত, কাৰ্বি আংলং জিলা প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰে । উল্লেখ্য যে, স্থানীয় গাঁওৰক্ষী বাহিনীৰ লোকে সেই স্থানৰ শ্ৰমিক আৰু ভাড়াতীয়া সকল খাদ্য সংকটৰ সন্মুখীন হোৱা বুলি উল্লখ কৰি সেইসকল লোকৰ নাম সন্নিবিষ্ট এখন তালিকা প্ৰস্তুত কৰি জিলা প্ৰশাসনক দাখিল কৰে । তাৰ পিচতে মঙলবাৰে নিৰ্বাচনী বিষয়া জিন্টু বৰা, কাৰ্যবাহী দণ্ডাধীশ নুপুৰ বৰা আৰু ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল ৰূপন টেৰণৰ লগতে, ভিডিপি সভাপতি আব্দুল মতিন তালুকদাৰৰ উপস্থিতিত লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

ডিফুত আবদ্ধ শ্ৰমিকৰ মাজত জিলা প্ৰশাসনৰ খাদ্য সামগ্ৰী বিতৰণ

লগতে পঢ়কঃ বিদেশত কুশলে আছেনে অসমীয়া - 6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.