ETV Bharat / state

ট্ৰাক ৱেগনাৰৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত 5 - Truck car collision at Bakaliaghat

দেওবাৰে বিয়লি বকলীয়াঘাটত এক পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Bakaliaghat) ৷ দুৰ্ঘটনাটোৰ ফলত পাঁচজন লোক গুৰুতৰভাৱে আহত হয় ৷ এখন ট্ৰাক আৰু মাৰুটি ৱেগ’নআৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷

Road accident at Bakaliaghat
পথ দুৰ্ঘটনা ৫ জন লোক গুৰুতৰভাৱে আহত
author img

By

Published : Apr 10, 2022, 10:47 PM IST

ডিফু, ১০ এপ্ৰিল : দেওবাৰে বিয়লি বকলীয়াঘাটৰ ডিচ'বাইত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Bakaliaghat)৷ দুৰ্ঘটনাটোত পাঁচজন লোক গুৰুতৰভাৱে আহত হয় ৷ ডিফু দিশৰ পৰা আহি থকা AS০২ M৬৫২৬ নম্বৰৰ মাৰুতি ৱেগ’নআৰ বাহনখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS০১ EC০০৪৩ নম্বৰৰ এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷

ফলত ৱেগ’নআৰখনত থকা পাঁচজন যাত্ৰী আঘাতপ্ৰাপ্ত হয় ৷ আহত লোককেইজন ক্ৰমে আমট্ৰেং হাবে ইংতি গাঁৱৰ নিৱাসী ছামছিং ইংতি কাথাৰ(৪২), জয়ছিং চতিচ'(৩৫), কাৱে ক্ৰ'পী(৬০), লংচিং তিচ'(৬০) আৰু কাদম তিচ'পী (৫১) বুলি চিনাক্ত কৰা হৈছে ৷

আহত লোককেইজনক ততালিকে বকলীয়াঘাট প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে আটাইকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: মূল্যবৃদ্ধিক লৈ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.