ETV Bharat / state

ঝংকাৰ হত্যাকাণ্ডৰ ১২ জন দোষীক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান

ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৪৭ অনুসৰি ৬ মাহ,৩৪১ অনুসৰি ১ মাহ,৩২৩ অনুসৰি ৬ মাহ আৰু ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২ হাজাৰ টকাকৈ জৰিমনা বিহাৰ নিৰ্দেশ প্ৰদান কৰে ঝংকাৰ হত্যাকাণ্ডৰ ১২ জন দোষীক ৷ আনহাতে ডিফু সত্ৰ ন্যায়াধীশ এ আহমেদৰ ৰায়দানক লৈ মুঠেই সন্তুষ্ট নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিপক্ষ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া ৷

১২ জন দোষীক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান
১২ জন দোষীক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান
author img

By

Published : Feb 28, 2020, 7:25 PM IST

ডিফু, 28 ফেব্ৰুৱাৰীঃ আজি শাস্তি ঘোষণা হ'ল ২০১৩ চনত ডিফু চহৰত সংঘটিত হোৱা ৰাজ্য কঁপোৱা ঝংকাৰ হত্যাকাণ্ডৰ ১২ জন দোষীৰ ৷ শাস্তি অনুসাৰে আটাইকেইজন অভিযুক্তকে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৪৭ অনুসৰি ৬ মাহ, ৩৪১ অনুসৰি ১ মাহ, ৩২৩ অনুসৰি ৬ মাহ আৰু ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২ হাজাৰ টকাকৈ জৰিমনা বিহাৰ নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰোপৰি অধিবক্তা দুৰ্গাপ্ৰসাদ জয়ছোৱাল আৰু অধিবক্তা ডি.কে ডেকাই জানিবলৈ দিয়া অনুসৰি দুজন অভিযুক্ত ক্ৰমে বাৰ্লং তিমুঙ আৰু গিবচন তিমুঙ বৰ্তমানেও পলাতক অৱস্থাত আছে ৷ এই গোচৰৰ পৰা দুগৰাকী আৰক্ষীৰ লোক এএছআই ৰমেশ নাথ আৰু হাবিলদাৰ হাৰুণ বৰাৰ লগতে ছাৰ্থে বে' আৰু দিলীপ টেৰণক আদালতে দোষ মুক্ত কৰে ৷

জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া

আনহাতে ডিফু সত্ৰ ন্যায়াধীশ এ আহমেদৰ ৰায়দানক লৈ সন্তুষ্ট নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিপক্ষ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া ৷ শৰণীয়াই সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত তেওঁৰ অসন্তুষ্টি ব্যক্ত কৰি কয় যে,আজিৰ ৰায়দানত মাননীয় আদালতে সাক্ষীৰ ভাষ্যক পৰ্যালোচনা বা পৰীক্ষা কৰি গ্ৰহণযোগ্য নোহোৱাকৈ ৰায় প্ৰদান কৰিছে ৷ আজিৰ ৰায়দানত শাস্তি প্ৰদান কৰা অনান্য ধাৰা মানি ললেও, ৩০২ ধাৰাত ঝংকাৰ হত্যাকাণ্ডৰ ১২ জনকৈ দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিক ন্যায় সংগত হোৱা নাই বুলি কোৱাৰ লগতে বিষয়টোক লৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি উল্লেখ কৰে ৷

অধিবক্তা ডি.কে ডেকা

লগতে পঢ়কঃ ঝংকাৰ হত্যাকাণ্ডত জড়িত ১২ জনকৈ লোকক দোষী সাব্যস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.