ETV Bharat / state

কাৰ্বি আংলঙত আৰক্ষীক আক্ৰমণ সুৰামত্ত যুৱকৰ,দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Mar 30, 2021, 7:05 PM IST

কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ অন্তৰ্গত লংনিটত সুৰাপান কৰি স্থানীয় লোকৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ লগতে একাংশ মহিলাকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে কেইজনমান যুৱকৰ বিৰুদ্ধে । ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীকো আক্ৰমণৰ চেষ্টা যুৱকৰ দলটোৰ । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন যুৱকক ।

কাৰ্বি আংলঙত আৰক্ষীক আক্ৰমণ সুৰামত্ত যুৱকৰ,দুজনক গ্ৰেপ্তাৰ
কাৰ্বি আংলঙত আৰক্ষীক আক্ৰমণ সুৰামত্ত যুৱকৰ,দুজনক গ্ৰেপ্তাৰ

ডিফু,৩০ মাৰ্চ: কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ অন্তৰ্গত লংনিটত একাংশ সুৰামত্ত যুৱকৰ তাণ্ডৱ । সুৰাপান কৰি স্থানীয় লোকৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ লগতে একাংশ মহিলাকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে যুৱককেইজনৰ বিৰুদ্ধে । এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল । কিন্তু লক্ষণীয়ভাৱে আৰক্ষীকো আক্ৰমণ কৰাৰ লগতে অভব্য আচৰণ কৰে যুৱকৰ দলটোৱে ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । যুৱক দুজন বিৰলাৰ জয়ছিং টেৰণ গাওঁ নিবাসী চংজা তিমুং আৰু লৱাৰ ডিলাজীৰ বিৰলা প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ দিলীপ হীৰা বুলি জানিব পৰা গৈছে ।

গ্ৰেপ্তাৰৰ পিছতে দুয়োজনকে মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । ঘটনাৰ লগত জড়িত বাকী কেইজন যুৱক পলাতক যদিও আৰক্ষীয়ে জনোৱা মতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বাকী যুৱককেইজনক ।

লগতে পঢ়ক:ফুলকবিৰ প্ৰতীকেৰে প্ৰতিদ্বন্দ্বিতা ৰাতুল বৰাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.