ডিফু,24 ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে চিমেণ্ট নগৰী হিচাপে খ্যাত বোকাজানৰ সৰিয়হজানত ১০০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণৰ ভূমি পূজন সম্পন্ন কৰে ৷ লগতে ভাৰত সেৱাশ্ৰম সংঘৰ অধীনৰ প্ৰণৱ জুবলী মহাবিদ্য৷লয়ৰ বিশ্ববিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপনৰ উপৰি মহাবিদ্যালয়খনৰ বহু কেইটা প্ৰকল্পৰ উদ্বোধন কৰে ।

আনহাতে, বোকাজানৰ নিজৰাপাৰত ভূমি সংৰক্ষণ বিভাগৰ অতিথিগৃহৰ উদ্বোধন কৰাৰ লগতে বিত্ত মন্ত্ৰীৰ বিশেষ অনুদানৰ অধীনত ১০ কোটি টকাৰে নিৰ্মিত বোকাজান ক্ৰীড়া সন্থাৰ অত্যাধুনিক প্ৰেক্ষাগৃহ, মিনি ষ্টেডিয়াম আৰু ইনড'ৰ ষ্টেডিয়ামৰো উদ্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উক্ত অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেন ছিং বে', কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বোকাজানৰ স্থানীয় বিধায়ক ডাঃ নোমল ম'মিন, পৰিষদৰ কাৰ্যবাহী সদস্য তথা বোকাজান পৰিষদীয় সমষ্টিৰ স্থানীয় সদস্য মাধুৰ্য ঢেকিয়াল ফুকনৰ লগতে বহু কেইগৰাকীও কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়কঃ কণ্টেইনমেণ্ট জ'ন উঠাই ল'লে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই