ডিফু, ২১ অক্টোবৰ : দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অৱশেষত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পৰম্পৰাগত ভিলেজ কাউন্সিলৰ সভাপতি, সম্পাদক সকলে লাভ কৰিলে আনুষ্ঠানিক নিযুক্তি পত্ৰ (KAAC village council appointment letter distribution)। কাৰ্বি আংলং কাষ্টমাৰী ল' বিভাগৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিধায়িনী বিভাগৰ সহযোগত শুকুৰবাৰে ডিফুৰ সমীপৰ তাৰালাংচ চিং মিৰ্জেং মঞ্চত আয়োজিত এক সভাত প্ৰদান কৰা হয় নিযুক্তি পত্ৰ । সহস্ৰাধিক লোকৰ উপস্থিতিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে (Appointment letter distribution program in KAAC)।
উক্ত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত সাংসদ হৰেন সিং বে, বিধায়ক ক্ৰমে বিদ্যাছিং ইঙলেং, দৰসিং ৰংহাং, পৰিষদৰ অধ্যক্ষ ৰাজু তিচ, পৰিষদৰ বহু কেইগৰাকী কাৰ্যবাহী সদস্য আৰু এমএচি উপস্থিত থাকে । সংবাদ মাধ্যমৰ সৈতে হোৱা বৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে মন্তব্য কৰে যে ১৯৫২ চনৰ পৰা সংবিধানত সুবিধা থকা স্বত্বেও কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ভিলেজ কাউন্সিলৰ সুবিধা পোৱা নাছিল । ইতিমধ্যে এই বিষয়টোকলৈ পৰিষদৰ কাৰ্যনিৰ্বাহকত প্ৰস্তাৱ গ্ৰহণ কৰি পৰিষদৰ অধিৱেশনৰ জৰিয়তে সিদ্ধান্ত পাছ কৰি ৰাজ্যপালৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয় ।
অৱশেষত ৰাজ্যপালৰ অনুমোদনৰ পাছতে শুকুৰবাৰে ৩৫৭৫ গৰাকী পৰম্পৰাগত ভিলেজ কাউন্সিলৰ সভাপতি, সম্পাদকসকলক আনুষ্ঠানিক নিযুক্তি পত্ৰ বিতৰণ কৰা হয় (KAAC village council)। এই সুবিধাৰ পাছত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ গাওঁসমূহত পৰম্পৰাগত গাঁও আদালত বা ভিলেজ ক'ৰ্ট স্থাপন কৰি বিচাৰ প্ৰক্ৰিয়া এই আদালততে মীমাংসা কৰা হ'ব বুলি মন্তব্য কৰে ড৹ তুলিৰাম ৰংহাঙে (Village court in KAAC)।
ভিলেজ কাউঞ্চিলৰ জৰিয়তে গাওঁসমূহৰ উন্নয়ন সাধন কৰাৰ লগতে ভিলেজ ক'ৰ্টৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পাদন হ'ব বুলিও জানিবলৈ দিয়ে ৰংহাঙে । ইফালে দীৰ্ঘদিনৰ অন্তত নিযুক্তি পত্ৰ লাভ কৰি যথেষ্ট আনন্দিত ভিলেজ কাউন্সিলৰ সভাপতি, সম্পাদকসকল ।
লগতে পঢ়ক :Foundation Day observed: ৰঙাপৰাৰ অসম ভেলী বিদ্যালয়ৰ ২৭ সংখ্য়ক প্রতিষ্ঠা দিৱস পালন