ETV Bharat / state

প্লাষ্টিকমুক্ত কৰাৰ বাবে ব্যাপক অভিযান ডিফু পৌৰ সভাৰ

author img

By

Published : Mar 4, 2020, 5:36 PM IST

ডিফু চহৰৰ একাংশ খুচুৰা আৰু পাইকাৰী দোকানৰ পৰা দ'মে দ'মে প্লাষ্টিক উদ্ধাৰ কৰি জ্বলাই দিলে ডিফু পৌৰ সভাই ৷

ETV BHARAT
প্লাষ্টিকমুক্ত কৰাৰ বাবে ব্যাপক অভিযান ডিফু পৌৰ সভাৰ

ডিফু,৪ মাৰ্চঃ ডিফু চহৰক প্লাষ্টিকমুক্ত কৰাৰ বাবে আজি ডিফু চহৰত আকষ্মিক ভাবে ব্যাপক অভিযান চলালে ডিফু পৌৰ সভাই ৷ ভৱিষ্যতে প্লাষ্টিক নিষেধাজ্ঞা আইন ভংগ কাৰীক ১০,০০০ টকাৰ জৰিমনা বিহা হব বুলি ঘোষণা ডিফু পৌৰ সভাৰ ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ আৰু জিলা দণ্ডাধীশৰ লিখিত নিৰ্দেশনাৰ অনুসৰি আজি ডিফু পৌৰ সভাৰ অধ্যক্ষ ৰাহ ক্ৰ'ৰ নেতৃত্বত ডিফু চহৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত প্লাষ্টিকৰ বিৰুদ্ধে ব্যাপক অভিযান চলায় ৷ এই অভিযানত ডিফু পৌৰ সভাৰ কেইবাগৰাকী ৱাৰ্ড কমিচনাৰ, নগৰ সমিতিৰ বিষয়া-কৰ্মচাৰীয়ে একাংশ খুচুৰা আৰু পাইকাৰী দোকানৰ পৰা দমে দমে প্লাষ্টিক উদ্ধাৰ কৰি জ্বলাই দিয়ে ৷

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ডিফু পৌৰ সভাৰ অধ্যক্ষ ৰাহ ক্ৰ'ই কয় যে, ডিফু চহৰত প্লাষ্টিকৰ বিৰুদ্ধে পুৰ্বেও বহুবাৰ অভিযান চলোৱা হৈছিল আৰু ব্যৱসায়ী সকলক জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ প্লাষ্টিকৰ বিক্ৰি আৰু সংৰক্ষণৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ ইয়াৰ পিছত চহৰখনৰ প্ৰায় ৯০ শতাংশ দোকানে কাপোৰৰ বা কাগজৰ মোনা, ঠুঙা আদি ৰাখিছিল যদিও ইয়াৰে প্ৰায় ১০ শতাংশ ব্যৱসায়ীয়ে নিৰ্দেশনা বা সতৰ্কতাক উলংঘন কৰি প্লাষ্টিক মোনাৰ বিক্ৰি আৰু সংৰক্ষণ কাম চলাই আছিল, সেয়ে আজি পুণৰ এই সকল ব্যৱসায়ী সকলৰ বিৰুদ্ধে অভিযান চলাই ৷ তাৰোপৰি ব্যৱসায়ী সকলে ৰখা প্লাষ্টিক সমূহ জব্দ কৰাৰ লগতে প্ৰথমবাৰৰ বাবে ১০০০ হাজাৰ টকা আৰু ভৱিষ্যতে নিষেধাজ্ঞা ভংগ কৰিলে ১০,০০০ টকাৰ জৰিমনা বিহা হ'ব বুলি প্ৰকাশ কৰে ৷ আনহাতে ডিফু পৌৰ সভাৰ এনে প্ৰচেষ্টাক শলাগ লৈছে ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.