ডিফু, ২৪ আগষ্ট : শনিবাৰে ডিফুৰ লৰুলাংছ'ৰ ৰাংছিনা ছাৰপ' সাংস্কৃতিক প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ মাহেকীয়া আলোচনী 'মানিম'ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে কাৰ্বি ৰাইটাৰ্ছ ক্লাৱৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কাৰ্বি আংলং জিলাৰ বিশিষ্ট সাহিত্যৰ কাণ্ডাৰীসকলৰ উপস্থিতিত গৌৰৱৰে চতুৰ্থ বৰ্ষ গৰকা মাহেকীয়া আলোচনী 'মানিম'ৰ লগতে জিলাখনৰ বিশিষ্ট কবি সাহিত্যিক আৰু লেখক বিদ্যাসিং ৰংপিৰ পুথি ' লামজিৰ চিকিপ ইছি' আৰু 'প্ৰতিক্ষা'ৰ শুভ উন্মোচন কৰে পদ্মশ্ৰী ৰংবং তেৰাঙে ৷ অনুষ্ঠানটিত উপস্থিত থাকে পদ্মশ্ৰী ৰংবং তেৰাং, চন্দ্ৰছিং ক্ৰ', লুণছে তিমুঙ, পৱিত্ৰ বৰা, জয়ছিং টকবী, উদ্ধৱ মহন্ত, কাছাং বে'পী আৰু আন বহু বিশিষ্ট ব্যক্তি ৷ উক্ত অনুষ্ঠানতে ২০১৯ বৰ্ষৰ বাবে বঁটা প্ৰদন কৰা হয় ডিফু লাংছ'লিয়েটৰ উদীয়মান লেখক বিৰেণ হাঞ্চেক ৷ ইয়াৰোপৰি 'মানিম' আলোচনীৰ সাহিত্য প্ৰতিযোগিতাত বিজয়ী সকলকো বঁটা আৰু মানপত্ৰৰে পুৰষ্কৃত কৰা হয় ৷
পুথিসমূহ উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত পদ্মশ্ৰী ৰংবং তেৰাঙে 'মানিম' আলোচনীৰ জৰিয়তে কাৰ্বি ভাষা- সংস্কৃতিক জীয়াই ৰাখিবলৈ গঠন কৰা কাৰ্বি ৰাইটাৰ্ছ ক্লাৱৰ এনে প্ৰয়াস প্ৰশংসনীয় বুলি মন্তব্য কৰে ৷ লেখক বিদ্যাছিং ৰংপিৰ লেখনিত বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত সৃষ্টি হোৱা বিভাজনৰ কথা সুন্দৰকৈ প্ৰকাশ পাইছে বুলিও অনুষ্ঠানটিত উল্লেখ কৰে ৰংবং তেৰাঙে ৷