ETV Bharat / state

Asom Bahumukhi Samabai Samiti ltd : ডিফুত বহুমুখী সমবায় সমিতি লিমিটেডৰ বিৰুদ্ধে অভিযান

ৰাজ্যত পুনৰ সক্ৰিয় বিত্তীয় লুণ্ঠনকাৰী প্ৰতিষ্ঠান ৷ এইবাৰ ডিফুৰ লগতে কাৰ্বি আংলঙত চাৰিটা শাখা থকা অসম বহুমূখী সমবায় সমিতি (Asom Bahumukhi Samabai Samiti ltd) নামৰ প্ৰতিষ্ঠানত কাৰ্বি আংলং জিলা সমবায় বিভাগে ওলমালে তলা (Co-operation department Raid at Diphu) ৷

author img

By

Published : Dec 30, 2022, 11:01 PM IST

sealed Asom Bahumukhi Samabai Samiti ltd
ৰাজ্যত পুনৰ সক্ৰিয় বিত্তীয় লুণ্ঠনকাৰী প্ৰতিষ্ঠান
কাৰ্বি আংলং জিলা সমবায় বিভাগৰ অভিযান

ডিফু, ৩০ ডিচেম্বৰ : অসম চৰকাৰৰ অধীনৰ অনুমোদন প্ৰাপ্ত আৰু অসম সমবায় বিভাগৰ অধীনৰ বুলি প্ৰচাৰ চলাই বিগত বহু বছৰৰ পৰা গ্ৰাহকক ৰেকাৰিং ডিপজিটৰ জৰিয়তে লুণ্ঠন চলাই অহা এটা বিত্তীয় প্ৰতিষ্ঠানৰ চাৰিটা শাখা আৰু মাণ্ডলিক কাৰ্যালয়ত আজি তলা ওলমালে অসম সমবায় বিভাগে (Co-operation department Raid at Diphu)৷ ডিফু বজাৰত থকা অসম বহুমুখী সমবায় সমিতি (Asom Bahumukhi Samabai Samiti ltd) নামৰ বিত্তীয় প্ৰতিষ্ঠানটোত আজি অৰ্থাৎ শুকুৰবাৰে বিয়লি অভিযান চলাই কাৰ্বি আংলং জিলা সমবায় বিভাগে ৷

বিভাগটোৱে অভিযান চলাই ডিফুত থকা শাখাটোৰ লগতে ডিমা হাচাওৰ জিলা আৰু আন শাখাসমূহক নিয়ন্ত্ৰণ কৰা মাণ্ডলিক কাৰ্যালয়টো ছীল কৰে ৷ ইফালে এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে জিলা সমবায় বিভাগৰ শীৰ্ষ বিষয়াই ৷ কেৱল পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা অসম বহুমূখী সমিতি লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়সমূহ ছীল কৰিবলৈ নিৰ্দেশ অহা বুলি জানিবলৈ দিয়ে কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে ৷

ইপিনে, ডিফু শাখাত প্ৰৱন্ধক ৰূপে কাৰ্যনিৰ্বাহ কৰা মিথুন পাল নামৰ যুৱকজনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে, ‘‘এই সম্পৰ্কে মই অৱগত নহয় যদিও বাক্সা জিলাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিতে এই অভিযান চলিছে এইটো এটা বিত্তীয় প্ৰতিষ্ঠান ৷ এই প্ৰতিষ্ঠানটোৱে গ্ৰাহকক ৰেকাৰিং ডিপজিট খুলি দৈনিক ধন সংগ্ৰহ কৰে’’ ৷ লগতে ডিফুত দৈনিক প্ৰায় ডেৰ লাখ টকা সংগ্ৰহ হয় বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়ক : Natural beauty of Miyodia: মায়’ডিয়াৰ নৈসৰ্গিক সৌন্দৰ্যই হাত বাউলি মাতিছে পৰ্যটকক

আনকি, এই বিত্তীয় প্ৰতিষ্ঠানটেৱে শ্বেয়াৰৰ বিনিময়ত গ্ৰাহকক ধন প্ৰদান কৰাৰ লগতে শ্বেয়াৰ ক্ৰয় কৰাৰ পিচত কৰ্মচাৰী নিয়োগ কৰে বুলিও জানিবলৈ দিয়ে মিথুন পাল নামৰ কৰ্মচাৰীজনে ৷ তেওঁ নিজেও প্ৰতিষ্ঠানটোৰ পৰা শ্বেয়াৰ ক্ৰয় কৰাৰ পাচত চাকৰি লাভ কৰা বুলিও জানিবলৈ দিয়ে ৷ এইটো চীট ফাণ্ড কোম্পানী নহয় বুলি দাবী কৰি এইটো অসম চৰকাৰৰ অনুমোদনপ্ৰাপ্ত বিত্তীয় প্ৰতিষ্ঠান আৰু ইয়াৰ মুখ্য কাৰ্যালয় যোৰহাটত বুলিও তেওঁ উল্লেখ কৰে ৷ লগতে তেওঁ কয়, বিগত এবছৰ ধৰি জিলাখনত এই প্ৰতিষ্ঠানটোৱে কাম কৰি আছে ৷

ইপিনে, বিত্তীয় প্ৰতিষ্ঠানটোত অভিযান চলোৱা টাৰ্জেন হাঞ্চে নামৰ এগৰাকী কনিষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি, বাক্সা জিলাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিতে অসমৰ পঞ্জীয়কে দিয়া নিৰ্দেশ অনুসৰি এই বিত্তীয় প্ৰতিষ্ঠানটোত অভিযান চলেৱা হৈছে ৷ জিলাখনৰ প্ৰতিষ্ঠানটোত ৰেকাৰিং ডিপজিট খোলা গ্ৰাহকে ম্যাদ সম্পন্ন হোৱাৰ পিচত নিজৰ প্ৰাপ্য ধন নেপোৱাৰ বাবে গোচৰ ৰুজু কৰা হৈছিল ৷ বিত্তীয় খেলিমেলিৰ বাবেই চৰকাৰে এই অভিযান চলোৱা বুলি তেওঁ প্ৰকাশ কৰে ৷

লগতে পঢ়ক : APDCL Proposed Power Tariff Hike : প্ৰতি ইউনিটত ১.৮০ টকাকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ এপিডিচিএলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.