ETV Bharat / state

ডিফুত একেলগে ৬৯০ গৰাকী ব্যক্তিয়ে যোগদান কৰিলে কংগ্ৰেছত

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 7:41 PM IST

দেওবাৰে ডিফুত অনুষ্ঠিত এক যোগদান সভাত ৬৯০ গৰাকী ব্যক্তিয়ে দেওবাৰে কংগ্ৰেছ দলত যোগদান কৰে । কংগ্ৰেছত যোগদান কৰি এগৰাকীয়ে কয়, ‘‘২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰৰোচনাত পৰি আমি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিলোঁ । সেইটো আমাৰ ভুল আছিল আৰু টেঙা আম দুবাৰ বেছিব নোৱাৰে ।’’

congress joining program in diphu
ডিফুত কংগ্ৰেছৰ বিশাল যোগদান সভা

ডিফুত কংগ্ৰেছৰ বিশাল যোগদান সভা

ডিফু, ১৯ নৱেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে । ডিফুত দেওবাৰে কংগ্ৰেছৰ এক বৃহৎ যোগদান কার্যসূচীত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয়, ‘‘আজি বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেল আৰু আমি ২০২৬ৰ অসম কাপলৈ সাজু হৈছোঁ ।’’

উল্লেখ্য যে ডিফুত কংগ্ৰেছৰ এই বৃহৎ যোগদান কার্যসূচীত অংশ ল'বলৈ কালিৰ পৰা ডিফুত বাহৰ পাতিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । দেওবাৰে পুৱা ১১ বজাত ডিফু ক্লাবত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত বোকাজানৰ তিনিবাৰৰ বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৰুপথাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি ১২ তম বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য পদত থকা জগতছিং ইংতিয়ে যোগদান কৰে ৷

জগত ছিং ইংতিৰ লগতে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছা, বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কার্যবাহী সদস্য প্ৰদীপ ৰংপিৰ জীয়ৰী কৰিশ্মা ৰংপিয়ে কংগ্ৰেছ দলত যোগদান কৰে ৷

মুঠ ৬৯০ গৰাকী ব্যক্তিয়ে দেওবাৰে কংগ্ৰেছ দলত যোগদান কৰে । ডিফু ক্লাবত অনুষ্ঠিত উক্ত বৃহৎ যোগদান কার্যসূচীত সহস্ৰাধিক লোক উপস্থিত থাকে । যোগদান কার্যসূচীটোত ভূপেন বৰাৰ উপৰি দলৰ কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ, সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচার্য, প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা বীৰেণছিং ইংতি, কাৰ্বি আংলং জিলা কংগ্ৰেছ সভাপতি চুম ৰংহাং, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সভাপতি ছিং টেৰণ, প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেং আদি শীর্ষ নেতা উপস্থিত থাকে ।

কংগ্ৰেছত যোগদান কৰি দিয়া ভাষণত জগত ছিং ইংতিয়ে বিজেপি দলে তেওঁলোকৰ লগতে অসমবাসী আৰু পাহাৰৰ ৰাইজক চৰম প্ৰতাৰণা কৰা বুলি অভিযোগ কৰে । বর্তমান বিজেপি নেতৃতাধীন পৰিষদখন চৰম দুর্নীতিত নিমজ্জিত হৈ আছে বুলি দাবী কৰি তুলিৰাম ৰংহাঙৰ একনায়কত্ববাদৰ শাসন চলা বুলিও অভিযোগ তোলে ।

তেওঁ লগতে কয় যে কোটি কোটি টকাৰ বিল্ডিং হৈছে যদিও ঠিকাদাৰ কিন্তু এটা পৰিয়ালৰ । চিবিআইৰ নিৰপেক্ষ তদন্ত হ’লেই সকলো ওলাই পৰিব বুলিও তেওঁ দাবী কৰে । কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ দান বুলি উল্লেখ কৰি কংগ্ৰেছ দলেই সংবিধানত ২৪৪ (ক) দফা সন্নিবিষ্ট কৰি তিনিখন পাহাৰীয়া জিলাক স্বায়ত্তশাসনৰ সুবিধা প্ৰদান কৰি থৈ গৈছে বুলি জগত ছিং ইংতিয়ে মন্তব্য কৰে ।

ইংতিয়ে লগতে কয়, ‘‘এতিয়া আমাৰ এটাই লক্ষ্য সেইটো হ'ল বিজেপি হাটাও, দেশ বাচাও আৰু তুলিৰাম হাটাও, কাৰ্বি আংলং বাচাও ।’’ আনগৰাকী বিজেপিত্যাগী নেতা প্ৰদীপ ডিফুছাই কয়, ‘‘২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰৰোচনাত পৰি আমি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিলোঁ । সেইটো আমাৰ ভুল আছিল আৰু টেঙা আম দুবাৰ বেছিব নোৱাৰে ।’’

লক্ষ্যণীয়ভাৱে ডিফুছাই অসম-নাগালেণ্ড সীমান্তত ২৫ কিলোমিটাৰজোৰা অঞ্চল এতিয়াও উন্মুক্ত হৈ থকাৰ কথা উল্লেখ কৰি বিজেপিৰ দিনত ভেটি-মাটি কিদৰে সুৰক্ষিত হ'ব বুলিও প্ৰশ্ন উত্থাপন কৰে । আনহাতে, কমলাক্ষ দে’ পুৰকায়স্থই ভাষণ প্ৰদান কৰি কয়, ‘‘মানুহৰ দিন বেয়া হ'লে কংগ্ৰেছ দিন বেয়া হয় আৰু মানুহৰ দিন ভাল হ'লে কংগ্ৰেছৰ দিন পুনৰ ভাললৈ আহে ।’’

পুৰকায়স্থই লগতে কয় যে তুলিৰাম ৰংহাং আৰু দেবলাল গাৰ্লোছাই দুই পৰিষদত লুট-পাত চলাইছে ৷ মুখ্যমন্ত্ৰীৰ এই দুই ভায়ে পাহাৰৰ সম্পত্তি লুটি-পুতি খাইছে বুলি অভিযোগ কৰি পাহাৰত এতিয়া অসম চৰকাৰে ঋণ লৈ এক কিলোমিটাৰ পথ ১ কোটি টকাত নিৰ্মাণ কৰা বুলিও মুখ্যমন্ত্ৰীক কটাক্ষ কৰে কমলাক্ষ দে’ পুৰকায়স্থই ।

ভূপেন বৰাই ভাষণ প্ৰদান কৰি কয়, ‘‘ অসমৰ ভিতৰত কাৰ্বি আংলঙেই এখন জিলা য'ৰ পৰা কোনো কংগ্ৰেছী নেতা বিজেপিলে নোযোৱাৰ বিপৰীতে বিজেপি দলৰ পৰা নেতা কংগ্ৰেছত যোগদান কৰিছে । বিজেপিয়ে শ্ল’গান দিছিল কংগ্ৰেছমুক্ত ভাৰতৰ কথা । জগত ছিং ইংতিৰ যোগদানে প্ৰতিপন্ন কৰিলে কংগ্ৰেছ আজিও শক্তিশালী ।’’

ভূপেন বৰাই লগতে কয়, ‘‘ বিজেপিৰ ৰাজনীতি এতিয়া সাধাৰণ মানুহে লাহেলাহে বুজি উঠিছে ৷ কংগ্ৰেছে ৬০ বছৰত কৰিব নোৱাৰা কাম ৬০ দিনত কৰিম বুলি বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি এতিয়া অসাৰ হ'ল ৷ কাৰ্বি আংলঙত বিজেপিৰ ভেটি বনোৱা জগত ছিং ইংতি, চুম ৰংহাং, জয়ৰাম ইংলেং এতিয়া পুনৰ কংগ্ৰেছ দলত ।’’

ইপিনে কালি নিশা এগৰাকী বিজেপি কর্মীয়ে ফোন কৰি তুলিৰাম ৰংহাঙৰ ঘৰত বহুকেইটা গডৰেজত ১০০ কোটিতকৈ অধিক ধন মজুত আছে বুলি জনোৱা বুলিও ৰাজহুৱা সভাত বৰাই প্ৰকাশ কৰে৷ বহু ধন থাকিলেও এতিয়া জনতাক কিনিব নোৱাৰে বুলি উল্লেখ কৰি কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডু ৱাপ্পাৰো দুর্নীতিয়ে গোটোৱা শ শ কোটি টকা আছিল যদিও কংগ্ৰেছ দলে তাত জয় লাভ কৰিবলৈ সক্ষম হয় বুলি মন্তব্য কৰে ভূপেন বৰাই ।

বৰাই লগতে কয়, ‘‘ কেৱল হিন্দু-মুছলমানৰ কথা কোৱা বিজেপি দল হিন্দু অধ্যুষিত ৰাজ্যত কংগ্ৰেছৰ হাতত পৰাভূত হৈছে । দেশৰ জনতাই এতিয়া বুজি পাইছে হিন্দু-মুছলমান কৰিলে আমাৰ মৌলিক সমস্যা সমাধান নহয় ।’’

নিজৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে কাৰ্বি আংলঙৰ ভূমি মেঘালয়ক গটাই দিবলৈ ওলাইছে বুলি মুখ্যমন্ত্ৰী আৰু তুলিৰাম ৰংহাঙক কটাক্ষ কৰে ৷ ভূপেন বৰাই কয়, ‘‘ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই মেঘালয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত তলত বহি থাকিবলগীয়া হ'ল ।’’

কংগ্ৰেছ দলৰ চৰকাৰ আহিলে মেঘালয়ক এক ইঞ্চি ভূমিও প্ৰদান নকৰে বুলি দাবী কৰি আমাকো মেঘালয়ৰ এক ইঞ্চিও ভূমি নালাগে বুলি হুংকাৰ দিয়ে বৰাই । আজি দেশ, ৰাজ্য, জিলা আৰু যুৱ প্ৰজন্মৰ স্বাৰ্থত, দেশৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত ভাৰতৰ দ্বিতীয়খন স্বাধীনতা সংগ্ৰামত আমি অৱতীৰ্ণ হৈছো বুলি তেওঁ দাবী কৰে ।

মুখ্যমন্ত্ৰীক কটাক্ষ কৰি বৰাই কয় যে কাৰ্বি আংলং ভ্ৰমণলৈ আহি মুখ্যমন্ত্ৰী শৰ্মাই ঘূৰি যাওঁতে এহেজাৰ বিঘা ভূমি চাই যায়, এখন বাগানো চাই যায় । অৰুণোদয়ৰ বতাহত বিৰোধী উৰি যাব বুলি কোৱা কথাটো উল্লেখ কৰি অসমত অৰুণোদয় নোপোৱাৰ সংখ্যাই অধিক বুলি বৰাই দাবী কৰে ৷

অসমত কংগ্ৰেছ চৰকাৰ হ'ল ৫০০ টকাত ৰন্ধন গেছ আৰু ২০০ ইউনিট বিজুলী বিনামূলীয়া হ'ব বুলি তেওঁ দাবী কৰে । বৰাই কয়, ‘‘ বিজেপিৰ নীতি নিজৰ পৰিয়ালক এহেজাৰ কোটি প্ৰদান কৰা আৰু সাধাৰণ জনতাক ১২৫০ টকা প্ৰদান কৰা । আমি চৰকাৰ গঠন কৰিলে প্ৰতিগৰাকী মহিলাক ২৫০০ টকাকে দিম ৷ বিজেপি চৰকাৰে অসম চুক্তিৰ আত্মাক ধ্বংস কৰিলে ৷ কংগ্ৰেছৰ চৰকাৰ গঠন হলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তদন্ত হ'ব ৷’’

লগতে পঢ়ক : 'বিজেপিয়ে ক্ৰীড়াক ৰাজনীতিকৰণ কৰিছে'-সঞ্জয় ৰাউত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.