ডিফু/কলিয়াবৰ, 20 জুলাই: কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা অন্তৰ্গত বৰপথাৰ আৰক্ষী থানাৰ খাকৰাজানত সন্দেহযুক্ত হেৰ’ইন সহ আৰক্ষীৰ জালত পৰিছে সৰবৰাহকাৰী (Drugs seized in Bokajan) ৷ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খাকৰাজানত নাকা তালাচীত উদ্ধাৰ হয় হেৰ’ইনখিনি ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলিছিল তালাচী অভিযান ৷ NL 07 EB 0556 নম্বৰৰ এখন স্কুটীত লুকুৱাই আনিছিল হেৰ’ইনখিনি ৷
৩০টা চাবোনৰ বাকচত ৩২৩ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Bokajan police seized huge amount of suspected heroine) ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ অভিযোগত নেত্ৰ বাহাদুৰ সোনাৰ নামৰ ডিমাপুৰৰ সৰবৰাহকাৰীটোক আটক কৰিছে ৷ জব্দকৃত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ২.৫ কোটি টকা হ’ব বুলি সন্দেহ কৰা হৈছে ৷
ইফালে আৱকাৰী বিভাগৰ আৰ্শীবাদত কলিয়াবৰৰ গ্ৰামাঞ্চলত এতিয়া সুলভ হৈ পৰিছ সুৰাৰ অবৈধ বেহা (Illegal liquor business)৷ বুধবাৰে বিয়লি উলুৱনি আৰক্ষী আৰু চুলুঙ আৰক্ষীৰ যৌথ অভিযানত জব্দ বুজন পৰিমাণৰ সুৰা ।
আৰক্ষীৰ অভিযানত উলুৱনী গাঁৱৰ বিশ্বজিৎ লাঙী ওৰফে জান নামৰ অবৈধ সুৰা ব্যৱসায়ীজনৰ ঘৰৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ সুৰা । প্ৰায় এক লক্ষাধিক টকাৰ বিলাতী সুৰাৰ কাৰ্টন জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে । আৱকাৰী বিভাগৰ নিৰৱ ভূমিকাৰ সুযোগ লৈ বিগত বহু বছৰ ধৰি ঘৰৰ পৰা অবৈধভাৱে সুৰাৰ পাইকাৰী ব্যৱসায় চলাই আহিছে বিশ্বজিৎ লাঙী ওৰফে জানে ।
লগতে পঢ়ক: Rangia Child Kidnap: ৰঙিয়াত 9 বছৰীয়া কণমানি ৰহস্যজনৰ অপহৰণৰ ঘটনা