ETV Bharat / state

KAAC election result 2022: ক'ত কোন কোন প্ৰাৰ্থীয়ে কৰিলে জয়লাভ - বিজেপিত আনন্দ উল্লাসৰ বন্যা

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত গেৰুৱা দল বিজেপি পুনৰ অপ্ৰতিৰোধ্য হৈ ৰ'ল(KAAC election result) ৷ ২৬ টা পৰিষদীয় সমষ্টিটোৰ এখন আসনতো বিজয় নিশ্চিত কৰিব নোৱাৰিলে কংগ্ৰেছে তথা স্থানীয় দলে । আটাইকেইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে বিশাল ভোটৰ ব্যৱধানত জয়লাভ কৰে (KAAC election result 2022) চাওক সবিশেষ...

bjp-kaac-election-2022-winning-all-26-seats
KAAC election result 2022: বিজেপিত আনন্দ উল্লাসৰ বন্যা
author img

By

Published : Jun 13, 2022, 10:36 AM IST

Updated : Jun 13, 2022, 10:51 AM IST

ডিফু, ১৩জুন : বিগত ৮ জুনত অনুষ্ঠিত হৈ যোৱা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ (KAAC election result 2022)আজি ঘোষিত হোৱা ফলাফল অনুসাৰি পৰিষদৰ ২৬খন আসনৰ আটাইকেইখন আসনতে শাসকীয় বিজেপি দলে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে(BJP KAAC Election 2022 winning all 26 seats) ।

ভোটগণনাৰ ফলাফল অনুসৰি, ফুলনি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ‌কাংবুৰা কিলিঙে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় । বিজেপি প্ৰাৰ্থীগৰাকীয়ে মুঠ ৫,৬৯২ টা ভোট লাভ কৰি নিকটতম নিৰ্দলীয় প্ৰাৰ্থী ধনীৰাম তিমুঙক ২০৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় । লাংহিন পৰিষদীয় সমষ্টিতো বিজেপি প্ৰাৰ্থী বিলিমোহন খাখলাৰীয়ে ১৬,৫৫৫ টা ভোট লাভ কৰি নিকটতম নিৰ্দলীয় প্ৰাৰ্থী চাৰমুং ৰংফাৰক ১২ হাজাৰতকৈ অধিক ভোটল বিশাল ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় ।

সিংহাসনত বিজেপি প্ৰাৰ্থী অমৰছিং তিচ'বে ৫৮৫৫ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী এপিএইচএলচিৰ জন ইংতি কাথাৰক ১৬৫৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। মহামায়াত বিজেপি প্ৰাৰ্থী লুনছিং টেৰণে ৮৮৯৩ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিদ্যাছিং ৰংপিয়ে ৪৩২৫ টা ভোট লাভ কৰে দ্বিতীয় স্থান । ন-মাটি সমষ্টিত ৭৮২৩ টা ভোট লাভ কৰি বিজেপি প্ৰাৰ্থী ৰিতেশ ইংতিয়ে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে নিকটতম প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক টেৰণে লাভ কৰে ৪৪৬৮ টা ভোট ।

হাওৰাঘাট পৰিষদীয় সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী অজিত কুমাৰ দে'ই ১৫,৮৭০ টা ভোট লাভ কৰি জয় লাভ কৰাৰ বিপৰীতে ৪০৭৮ ভোটৰে নিকটতম প্ৰতিদ্বন্দ্বীতা আগবঢ়ায় কংগ্ৰেছ দলৰ প্ৰাৰ্থী চন্দ্ৰ ছিং টেৰণে । ইয়াৰ বিপৰীতে বোকাজান মহকুমাৰ সৰুপথাৰ পৰিষদীয় সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বীতাৰ মাজেৰে বিজেপি প্ৰাৰ্থী কাদম তেৰাংপীয়ে মাত্ৰ ১৯৬ টা ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় । প্ৰাক্তন ছাত্ৰ নেতা ছিমিয়ন ৰংফাৰে তীব্ৰ প্ৰত্যাহ্বান আগবঢ়োৱা সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীয়ে ২৬১৮ টা ভোট লাভ কৰাৰ বিপৰীতে ৰংফাৰে লাভ কৰে ২৪২২ ।

চ'ছেং ধেন্টা সমষ্টিত বিজেপি প্ৰাৰ্থী কাচে ৰংপিপীয়ে ৬৭১৫ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে মহেন বে'ই লাভ কৰে ৪৬৩৭ টা ভোট । দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী ৰিচাৰ্ড টকবিয়ে ৬৪৭৫ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে ৩৯৪৫ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাজেন ইংতি । বৰজান পৰিষদীয় সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী সুৰ্য ৰংফাৰে ১৪,৮৯২ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে এপিএইচএলচি দলৰ প্ৰাৰ্থী মাৰ্টিনা কাথাৰপীয়ে ৭২০৬ ভোট লাভ কৰে ।

বোকাজান পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী মাধুৰ্য ঢেকীয়াল ফুকনে ১৩,০৩৫ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে পাহাৰৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰি ‘আপ'ৰ প্ৰাৰ্থী দিব্যজ্যোতি বৰগোহাঁয়ে ৭৫৫৪ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বীতা আগবঢ়াই এক প্ৰকাৰৰ ৰাজনৈতিক চমকৰ সৃষ্টি কৰে ।

দেওপানী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী চবন কুমাৰ তেলেঙাই ৮৬৬৯ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে ৪০৯৭ টা ভোটেৰে নিৰ্দলীয় প্ৰাৰ্থী প্ৰহ্লাদ বৈশ্যই লাভ কৰে দ্বিতীয় স্থান । নিলিপ পৰিষদীয় সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী পবিত্ৰ ৰংপিয়ে ৫১৮৮ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে এপিএইচএলচি দলৰ প্ৰাৰ্থী ৰাজেশ তিচ'বে ৪৬৯৫ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হয় ।

পশ্চিম কাৰ্বি আংলং জিলাতো বিজেপি দলৰ প্ৰাৰ্থীয়ে আটাইকেইটা সমষ্টিতে জয়লাভ কৰিবলৈ সক্ষম হয় । জিলাখনৰ দুৱাৰ আমলা পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰভাত চন্দ্ৰ তাৰ'বে ৬২৫০ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয় টেৰণে লাভ কৰে ৫৪৭৪ টা ভোট ।

চ'ছেং পৰিষদীয় সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী হেডছিং ৰাংফাৰে ৫১৮৫ টা ভোট লাভ কৰে জয়লাভ কৰাৰ বিপৰীতে ৩৬২৭ ভোটেৰে দ্বিতীয় স্থানত থাকে এএছডিছি দলৰ প্ৰাৰ্থী হিচাপে এলবিন টেৰণে লাভ কৰে ৪৪৭৯ টা ভোট । ঠিক সেইদৰে ৰংখাং পৰিষদীয় সমষ্টিৰ পৰা ৭৫৬৩ ভোটেৰে বিজেপি দলৰ প্ৰাৰ্থী লাংবিচ বে'য়ে জয়লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰাৰ্থী হিচাপে ৪৭২৫ টা ভোট লাভ কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ছিং টেৰণে ।

চিণ্ঠঙত বিজেপি দলৰ হৈ অভিজিৎ ক্ৰ'বে ৫৪৫৯ ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপছিং বংৰুঙে লাভ কৰে ৩৩৯৫ টা ভোট। লাংফেৰ পৰিষদীয় সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী মধুৰাম লেকথেই লাভ কৰিছে ১৬০৬৮ টা ভোট ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৯০৬৯ টা ভোট ৷

ধনশিৰিত বিজেপিৰ তিলোত্তমা হাঞ্চুয়ে লাভ কৰিছে ১৫২০২ টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী নিচ' তেৰাঙপীয়ে লাভ কৰিছে ৭২১৯ টা ভোট, লুম্বাজংত বিজেপিৰ জনি তিমুঙে লাভ কৰিছে ১৮৬১৮ টা ভোট আৰু এপিএইংছএলচিৰ ৰাজেন তিমুঙে লাভ কৰিছে ১৬৩৮৪ টা ভোট৷ কপিলীত বিজেপিৰ পৱন কুমাৰে লাভ কৰিছে ১২,১২৪টা ভোট আনহাতে বাজং চিচৱে লাভ কৰিছে ৫৯৩৩ টা ভোট, বিথুং, ৰেংথামাত ড৹ তুলিৰাম ৰংহাঙে ৬৫০৬ টা ভোট লাভ কৰি পুনৰ সমষ্টিটোৰ পৰা জয়ী হোৱাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰম হাঞ্চেই লাভ কৰে ২০৩৭ টা ভোট ৷

হামৰেণত বিজেপিৰ মঙলছিং তিমুঙে লাভ কৰে ৫২২১ টা ভোট আৰু এপিএইছএলচিৰ আংতং ইংতি কাথাৰে লাভ কৰে ৪৫৯১ টা ভোট ৷ আমৰেং পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ ৰীণা তেৰাংপীয়ে লাভ কৰে ১১,৮৩৬টা ভোট ৷

আনহাতে কংগ্ৰেছৰ এলিছ ইংতিপীয়ে লাভ কৰে ৬৮৮৬ টা ভোট ৷ ইফালে, বিজেপি দলৰ বিজয় নিশ্চিত হোৱাৰ লগে লগে বিজেপি দলৰ নেতা-কৰ্মীসকলে আনন্দ উল্লাস প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায় । বিজেপি প্ৰাৰ্থীসকলক দলীয় নেতা-কৰ্মীসকলে গামোচা পিন্ধাই সম্বৰ্দ্ধনা জনোৱাৰ লগতে ফটকা-আতছবাজীৰে আনন্দ প্ৰকাশ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ চহৰ হামৰেণত বিজেপি দলৰ কৰ্মকৰ্তাসকলে বিশাল সমদল উলিয়ায় দলৰ বিজয় উৎসৱ পালন কৰে ৷

লগতে পঢ়ক : কাৰ্বি পাহাৰত পদুমৰ হাঁহি : বিৰোধীৰ ভূমিস্খলন

Last Updated : Jun 13, 2022, 10:51 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.