ডিফু, ১৮ এপ্ৰিল: সোমবাৰে ডিফুৰ চাৰিমাইলস্থিত বিজেপি কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত প্ৰাক্তন এনডিএফবিৰ শতাধিক নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে', বিধায়ক বিদ্যাছিং ইংলেং আৰু পৰিষদৰ কেইবাগৰাকী ইএম আৰু এমএচিৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী সম্পন্ন হয় ৷
প্ৰাক্তন এনএফবিৰ নেতা নবীন চন্দ্ৰ বড়োৰ নেতৃত্বত কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ ১১০ গৰাকী নেতাই আজি বিজেপিত যোগদান কৰে ৷ ৰংহাঙে লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এনে যোগদানে কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাত আৰু অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে ৷
উল্লেখ্য যে, বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধিছে ৷ বিগত লোকসভা নিৰ্বাচনত অসমৰ তিনি পাৰ্বত্য জিলা ক্ৰমে পূৱ আৰু পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বিজেপিৰ পৰা প্ৰতিদ্বন্দিতা কৰি হৰেণছিং বে'ই অভিলেখ সংখ্যক ভোটৰ ব্য়ৱধানত বিজয়ী হৈছিল (BJP joining programme in Diphu)।
বিজেপিৰ দুৰ্গ সদৃশ পাৰ্বত্য জিলাখনত বিজেপিৰ বিজয়ধ্বজা অক্ষুণ্ণ ৰাখিবলৈ দলটোৱে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰে অংশ স্বৰূপে সোমবাৰে আয়োজন কৰা হয় এক যোগদান সভা । এই যোগদান সভাত এনডিএফবিৰ শতাধিক নেতাই অংশগ্ৰহণ কৰে । পাৰ্বত্য জিলা তিনিখনত বিজেপিৰ দুৰ্গ অক্ষুণ্ণ থাকিলেও কোনো ধৰণৰ ভুল কৰিবলৈ খোজা নাই বিজেপিৰ নেতাসকলে ৷ সঘনাই জনসভা, আঁচনি ৰূপায়ণ, আধাৰশিলা স্থাপন, ৰাইজৰে মত-বিনিময় আদিৰে ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে ৷
বিশেষকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ একেৰাহে তিনিবাৰ মুখ্য কাৰ্যবাহী সদস্যৰ আসন অলংকৃত কৰা ড৹ তুলিৰাম ৰংহাঙে জনসভা সমূহত চৰকাৰৰ উন্নয়নমূলক আঁচনিয়ে পাহাৰত আমুল পৰিৱৰ্তন ঘটাইছে বুলি দাবী কৰি আহিছে (CEO of KAAC) ৷ তেওঁৰ শাসন কালতে ৬ টাকৈ দুধৰ্ষ উগ্ৰপন্থী সংগঠনৰ নেতা, কেডাৰ সকলে হিংসাৰ পন্থা ত্যাগ কৰি মূল সূঁতিলৈ ঘূৰি আহি চৰকাৰৰ শান্তি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিছে ৷ ইয়াৰে সৰহ সংখ্যক নেতা কেডাৰেই বিজেপিত যোগদান কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছে ৷
লগতে পঢ়ক:Encroachment in Assam: আঠ বছৰত বেদখলমুক্ত ৰাজ্যৰ বনাঞ্চলৰ ১৪,৩৭৪ হেক্টৰ ভূমি