ETV Bharat / state

ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত দলে সিদ্ধান্ত গ্ৰহণ কৰিবঃ কেন্দ্ৰীয় নেতা

কাৰ্বি আংলং জিলাৰ ডিফুত এখন দলীয় সভাত অংশগ্ৰহণ কৰে বিজেপিৰ কেন্দ্ৰীয় নেতা পবন শৰ্মাই ৷ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত নেতাগৰাকীয়ে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত দলে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

author img

By

Published : Jan 7, 2021, 8:06 PM IST

bjp-central-leader-paban-sharmah-at-diphu
ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত দলে সিদ্ধান্ত গ্ৰহণ কৰিবঃ কেন্দ্ৰীয় নেতা

ডিফু, ৭ জানুৱাৰী : ৰাজ্যৰ পৰৱৰ্তী সাম্ভাৱ্য মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক কেন্দ্ৰ কৰি মাজে সময়ে ৰাজ্যত ৰাজনৈতিক বিতৰ্ক অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ ডিফুত বৃহস্পতিবাৰে এখন দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় বিজেপি দলৰ কেন্দ্ৰীয় নেতা পবন শৰ্মাই । উক্ত সভাত কেন্দ্ৰীয় নেতা পবন শৰ্মাৰ লগত্ সাংসদ ডা° ৰাজদ্বীপ ৰয় প্ৰমুখ্যে অন্য কেবাগৰাকীও নেতা উপস্থিত থাকে ৷

সভাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত নেতাগৰাকীয়ে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত দলে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

আনহাতে সমাগত নিৰ্বাচনত দলটোৱে অসমত প্ৰতিষ্ঠা কৰা পোন্ধৰখন চিকিৎসা মহাবিদ্যালয়, আইন মহাবিদ্যালয়, খোৱাপানীৰ সুবিধা, নব্বৈ হাজাৰ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণকে ধৰি বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বাৰ্তা লৈ ৰাইজৰ কাষ চাপিব বুলি মন্তব্য কৰে পবন শৰ্মাই।
লগতে পঢ়ক: গুৱাহাটীৰ পাণ্ডুত আলফা স্বাধীনৰ লিংকমেন আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.