ডিফু, 1 জুন: সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ(Karbi Anglong autonomous council) প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীৰ সমান্তৰালভাৱে কংগ্ৰেছ দলৰ প্ৰাৰ্থী পূৰ্ণিমা ৰংহাংপীয়েও ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে ।
সমষ্টিটোৰ বিভিন্ন স্থানত গাঁওসভা অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰখা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মঙলবাৰে বকলীয়াঘাট বজাৰৰ ব্যৱসায়ীসকলক সাক্ষাৎ কৰি ভোটভিক্ষা কৰা বুলি জানিব পৰা গৈছে । বুধবাৰে বিয়লি বকলীয়াঘাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ(Himanta Biswa Sarma KAAC election campaign) বিপৰীতে কংগ্ৰেছ দলৰ ভালেসংখ্যক কৰ্মী-সমৰ্থকে লাংফেৰত বাইক ৰেলী উলিয়াই শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰে ।
বুধবাৰে দিনৰ প্ৰায় এঘাৰ বজাত কংগ্ৰেছ দলৰ প্ৰায় দুই শতাধিক কৰ্মী-সমৰ্থকে লাংফেৰ পৰিষদীয় সমষ্টি(Langpher constituency) এলেকাত মটৰ চাইকেলেৰে পৰিভ্ৰমণ কৰি দলীয় প্ৰাৰ্থী পূৰ্ণিমা ৰংহাংপীৰ সমৰ্থনত প্ৰচাৰ চলায় (Congress bike rally at Langpher) ।
সমদলত অংশ লোৱা কংগ্ৰেছ দলৰ কৰ্মী-সমৰ্থকসকলে হাতে হাতে দলীয় পতাকা লৈ দল আৰু দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন শ্লʼগান আওৰাই পৰিৱেশ উত্তাল কৰি তোলে ।
লগতে পঢ়ক: KAAC Election 2022 : বুধবাৰে কাৰ্বি আংলঙৰ চাৰি স্থানত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ