ETV Bharat / state

Anti Drugs Mission: কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী সজাগতা অভিযান

author img

By

Published : Jun 19, 2023, 7:46 PM IST

নিষিদ্ধ ড্ৰাগছ সেৱন কৰি কোনোৱে যাতে নিজৰ জীৱন বিপন্ন নকৰে সেই উদ্দেশ্য়ে আৰক্ষীয়ে আৰম্ভ কৰিছে সজাগতা অভিযান। ড্ৰাগছক জীৱনৰ পৰা পৰিত্যাগ কৰোৱাৰ উদ্দেশ্য়ে ডিফুত ৰেলী উলিওৱা হয় ৷

Anti Drugs Mission in Assam
আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান

ডিফু, ১৯ জুন: ৰাজ্যত আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ ইয়াৰ পিচতো ৰাজ্যত ভয়াৱহ হাৰত শিপাইছে ড্ৰাগছৰ বেহা । বিশেষকৈ কাৰ্বি আংলঙত আৰক্ষীয়ে নিতৌ ড্ৰাগছ ঘাটি উৎখাত কৰি অহাৰ পিচতো হ্ৰাস হোৱা নাই ড্ৰাগছ সৰবৰাহ । ইয়াৰ বিপৰীতে ড্ৰাগছ সৰবৰাহকাৰীয়ে ন ন কৌশলেৰে চলাই গৈছে এই বেহা । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰখা এই যুজঁখনত ৰাইজে যাতে সহযোগ কৰে তাৰ বাবে ডিফু আৰক্ষীৰ উদ্যোগত ড্ৰাগছৰ বিৰোধিতা তথা ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰাৰ উদ্দেশ্যে সোমবাৰে এক সজাগতামূলক চাইকেল ৰেলী উলিওৱা হয় ।

ড্ৰাগছ বিৰোধী আৰু পথ সুৰক্ষাকলৈ কাৰ্বি আংলঙ জিলা আৰক্ষীৰ উদ্যোগত বিশাল মটৰ চাইকেল ৰেলী উলিওৱা হয় । যুৱ সমাজক ক্ৰমান্বয়ে গ্ৰাস কৰি পেলোৱা মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আৰু পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ আজি ডিফুস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা এই মটৰ চাইকেল ৰেলী উলিওৱা হয় ৷ কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত আৰু বুল ৰাইডাৰছ মটৰ চাইকেল ক্লাৱৰ সহযোগত 'ছেভ দ্য় য়ুথ' শীৰ্ষক ড্ৰাগছ বিৰোধী আৰু পথ সুৰক্ষামূলক সজাগতা সৃষ্টিৰ উদ্দেশ্য ডিফুৰ পৰা বোকাজানলৈ বিশাল মটৰ চাইকেল ৰেলী উলিওৱা হয় ৷

সোমবাৰে পুৱা ৮-৩০ বজাত জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ নেতৃত্বত উলিওৱা মটৰ চাইকেল ৰেলীটোত জাম্বলী এমচি, বুলছ অফ আছাম এমচি,কেএএমচি ৱজাৰু আৰু ইষ্টাৰ্ণ এনফিল্ডাৰ্চ এমচিৰ সদস্য সকলে অংশ গ্ৰহণ কৰে ৷ আনহাতে, কাৰ্বি আংলং জিলা আৰক্ষীৰ হৈ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য), অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নয়নজ্যোতি বৰ্মণ, জিলা উপ আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মাও মটৰ চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে ৷

জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয় যে, ড্ৰাগছৰ ভয়াবহতাৰ পৰা যুৱ সমাজক ৰক্ষা কৰাৰ লগতে ড্ৰাগছৰ ভয়াবহতা ৰোধ কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ তাৰে অংশ স্বৰূপে আজি ডিফুৰ পৰা বোকাজানলৈ উলিওৱা বিশাল মটৰ চাইকেল ৰেলীৰ জৰিয়তে ড্ৰাগছ বিৰোধী আৰু পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হয় ৷ এই যাত্ৰা পথত বিদ্যালয়সমূহৰ সন্মুখত ৰৈ ড্ৰাগছৰ ভয়াবহতা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনা কৰা হয় ৷

লগতে পঢ়ক:War Against Drugs: যোৱা দুদিনত ডিমা হাছাওত ড্ৰাগছ সহ পাঁচ যুৱকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.