ETV Bharat / state

ডিফুৰ সত্র ন্যায়াধীশৰ আদালতৰ সহকাৰী লােক অধিবক্তাক অপহৰণৰ চেষ্টা

ডিফুৰ সত্র ন্যায়াধীশৰ আদালতৰ সহকাৰী লােক অধিবক্তা মিৰবিন ইংতিপিক অপহৰণৰ চেষ্টা । এই ঘটনাৰে জড়িত থকাৰ সন্দেহত আটক বাহন চালক অমিত টংলা । যোৱা ১৬ জানুৱাৰীত ডিফুৰ ৰংনিঙৰ পৰা উভতি আহি থকা অৱস্থাত অধিবক্তাগৰাকীক অপহৰণ চেষ্টা চলাইছিল ।

ডিফুৰ সত্র ন্যায়াধীশৰ আদালতৰ সহকাৰী লােক অধিবক্তাক অপহৰণৰ চেষ্টা
ডিফুৰ সত্র ন্যায়াধীশৰ আদালতৰ সহকাৰী লােক অধিবক্তাক অপহৰণৰ চেষ্টা
author img

By

Published : Jan 18, 2021, 8:44 PM IST

ডিফু, ১৮ জানুৱাৰী : যোৱা ১৬ জানুৱাৰীত ডিফুৰ সত্র ন্যায়াধীশৰ আদালতৰ সহকাৰী লােক অধিবক্তা মিৰবিন ইংতিপিক অপহৰণৰ কৰাৰ চেষ্টা চলাইছিল এজন লোকে । ডিফুৰ ৰংনিঙৰ পৰা উভতি আহি থকা অৱস্থাত এই ঘটনা সংঘটিত হয় । এই ঘটনাৰে জড়িত থকাৰ সন্দেহত আটক বৰ্তমান অধিবক্তাগৰাকীৰ বাহন চালক অমিত টংলাক আটক কৰিছে আৰক্ষীয়ে । যােৱা ১৬ জানুৱাৰীত অধিবক্তাগৰাকী এক গােচৰ সংক্রান্তীয় কামত ডিফুৰ ৰংনিঙত থকা এগৰাকী সতীর্থৰ ঘৰলৈ গৈছিল । অধিবক্তাগৰাকীয়ে প্রায় ৯ বজাত নিজ গাড়ীৰে বাসগৃহলৈ উভতি অহাৰ সময়ত এই অপহৰণৰ চেষ্টা চলায় এজন লোকে ।

অধিবক্তাগৰাকীৰ গাড়ীখনত চালকগৰাকীৰ উপৰিও সৈতে পূর্বৰে পৰাই আন এগৰাকী লােক পিছফালে ছিটত বহি লুকাই আছিল । নিজ বাসগৃহলৈ বুলি উভতাৰ পথত ডিফু চহৰৰ মাজমজিয়াত পিছফালে বহি থকা অজ্ঞাত ব্যক্তিজনে সন্মুখৰ ছিটত বহি থকা অধিবক্তাগৰাকীক মাফলাৰেৰে ডিঙিত মেৰিয়াই ধৰি হাত বান্ধিবলৈ চেষ্টা কৰে ৷ এই সময়ত অধিবক্তাগৰাকীয়েও নিজৰ প্রচণ্ড শক্তিৰে বাধা দিবলৈ চেষ্টা কৰে যদিও লোকজনে চালকক গাড়ীখন লামডিং পথলৈ লৈ যাবলৈ নির্দেশ দিয়ে । সেই মতে, চালকজনে ডিফুৰ পৰা লামডিং পথলৈ তীব্র গতিৰে যাত্ৰা কৰে ।

অধিবক্তাগৰাকীক চকু বান্ধি দিয়াৰ ফলত একো কৰিব নােৱাৰা হৈ পৰে যাদিও আনৰ সহায় বিচাৰি চিঞৰিবলৈ ধৰে । এইদৰ ডিফুৰ পৰা প্রায় ৩০ কিলোমিটাৰ দূৰৰ বৰলাংফেৰ নামৰ ঠাইত থকা ফৰেষ্ট গে'টখন বন্ধ দেখি গে'টত খুন্দিয়াই গাড়ীখন পুনৰ ডিফু অভিমুখে ঘূৰাই দিবলৈ চালকক নির্দেশ দিয়ে । কিছুদূৰ আহি চালকক গাড়ীখন ৰখাবলৈ দি লোকজন সেই স্থানৰ পৰা জংঘলৰ দিশে পলায়ন কৰে । ইয়াৰ পূৰ্বে অধিবক্তাগৰাকীৰ পৰা প্রায় ৪ হাজাৰ টকা কাঢ়ি লােৱাৰ লগতে পিছদিনা ১ কোটি টকাসহ চালকজনক ধনশিৰি-ডিমাপুৰ পথলৈ পঠাবলৈ নির্দেশ দি যায় ।

লগতে ধন আদায় নিদিলে পৰিয়ালৰ আন লোকৰো ক্ষতিসাধন কৰাৰ ভাবুকি দিয়ে । পিছত ডিফু আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে অধিবক্তাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনহাতে, এই ঘটনাৰ সৈতে চালক অমিত টংলা জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে কৰায়ত্ত কৰে । কাৰ্বি আংলঙৰ সৰিয়হজানৰ অমিতে বহু বছৰ ধৰি অধিবক্তাগৰাকীৰ পিতৃ গৃহতে আছিল । আৰক্ষীযে চালকজনক সােধা-পােছা অব্যাহত ৰাখিছে ।

ইপিনে, ডিফু বাৰ এছ'চিয়েছনৰ সোমবাৰে এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় । ডিফু বাৰ এছ'চিয়েছনৰ সভাপতি দিলীপ কুমাৰ ডেকাৰ সভাপতিত্বত হােৱা সভাত সহকাৰী লােক অধিবক্তাক অপহৰণৰ চেষ্টা চলােৱা ঘটনাক তীব্র নিন্দা কৰে । লগতে আৰক্ষীক তৎপৰতাৰে ব্যৱস্থা গ্রহণ কৰি অপৰাধীক কৰায়ত্ত কৰিবলৈ আহ্বান জনায় । সভাত এই অপহৰণ কাণ্ডত জড়িত কোনো লোকৰ হৈ গােচৰ নল'বলৈ অধিবক্তাসকলে সিদ্ধান্ত গ্রহণ কৰে ।

লগতে পঢ়ক:অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.