ETV Bharat / state

মাঞ্জাত দুই সন্তানৰ মাতৃক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী এজন - মাঞ্জাত এগৰাকী দুই সন্তানৰ মাতৃক ধর্ষণ

ৰাজ্যৰ বিভিন্ন প্রান্তত শেহতীয়াকৈ অতি উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে হত্যা, ধৰ্ষণ, যৌন নিৰ্যাতন আদিৰ দৰে জঘন্য ঘটনা । বিগত কেইটামান দিনৰ ভিতৰতে ৰাজ্যখনত কেইবাটাও এনে ঘটনা সংঘটিত হােৱা কাৰ্যই সকলোকে চিন্তিত কৰি তুলিছে । শেহতীয়াকৈ কাৰ্বি আংলং জিলাৰ মাঞ্জাত এগৰাকী দুই সন্তানৰ মাতৃক ধর্ষণ কৰা ঘটনাই ক্ষোভিত কৰি তুলিছে কাৰ্বি আংলংবাসীক ।

rape case at diphu
মাঞ্জাত দুই সন্তানৰ মাতৃক ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলহী এজন
author img

By

Published : May 9, 2021, 5:59 PM IST

ডিফু, ৯ মে': পুনৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ মাঞ্জাত । জিলাখনৰ মাঞ্জা থানাৰ অন্তর্গত লাংভকু চিংথং টেৰণ গাঁৱৰ এগৰাকী দুই সন্তানৰ মাতৃক ধর্ষণ কৰে সন্তোষ কুমাৰ নামৰ এজন লোকে ।

জানিব পৰা মতে, যােৱা সপ্তাহতে উক্ত ঘটনা সংঘটিত হৈছিল যদিও মহিলাগৰাকীয়ে দেওবাৰেহে মাঞ্জা আৰক্ষী থানাত বিষয় সন্দৰ্ভত অৱগত কৰে । মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত মাঞ্জা আৰক্ষীৰ এটা দলে তৎপৰতাৰে স্থানীয় গাঁওবুঢ়াৰ সহায়ত সন্তোষ কুমাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত সন্তোষ কুমাৰৰ প্রকৃত ঘৰ বিহাৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । কৰ্মসূত্ৰে মাঞ্জাৰ এটা ক্ৰাছাৰত ইলেক্ট্রিচিয়ানৰ কামত নিয়ােজিত আছিল সন্তোষ কুমাৰ ।

ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ড বিধিৰ ৩৭৬ ধাৰাৰ অধীনত মাঞ্জা থানাত ২৫/২১ নম্বৰত এক গােচৰ পঞ্জীয়ন কৰা হৈছে । উল্লেখযােগ্য যে, শেহতীয়াকৈ ৰাজ্যজুৰি এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা সংঘটিত হােৱাৰ লগতে ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সময়তে মাঞ্জাত সংঘটিত হােৱা এই ঘটনাই ৰাইজৰ মাজত অধিক ক্ষোভ বৃদ্ধি কৰিছে ।

লগতে পঢ়ক: বৰপেটাত ঈদ উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.