ETV Bharat / state

কাৰ্বি আংলঙত আৰক্ষীৰ বিষয়ে ধন দাবীৰ অভিযোগ - বালি সৰবৰাহ

মাঞ্জা আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে ধন দাবীৰ অভিযোগ ৷ শুকুৰবাৰে এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে জিলাখনৰ বালি মহলদাৰ আৰু চাপ্লায়াৰ এছ’চিয়েছনে ৷

কাৰ্বি আংলঙত
মাৰধৰৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে
author img

By

Published : Jan 10, 2020, 11:22 PM IST

Updated : Jan 11, 2020, 2:39 PM IST

ডিফু,১০ জানুৱাৰীঃ কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে ধন দাবীৰ অভিযোগ ৷ শুকুৰবাৰে এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে জিলাখনৰ বালি মহলদাৰ আৰু চাপ্লায়াৰ এছ’চিয়েছনে ৷ সংগঠনটোৱে সংবাদমেলযোগে স্থানীয় আৰক্ষীয়ে ধন দাবী কৰা সন্দৰ্ভত অভিযোগ উত্থাপন কৰে ৷

মাৰধৰৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

অভিযোগ অনুসৰি, কিছুদিনপূৰ্বে মাঞ্জা আৰক্ষীৰ এটা দলে আচম্বিতে সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উপস্থিত কৰ্মচাৰীসকলক বিনা কাৰণত মাৰধৰ কৰে ৷ লগতে আৰক্ষীয়ে বিভিন্ন সময়ত বালি ব্যৱসায়ীসকলৰ পৰা ধন দাবী কৰি অহাৰ অভিযোগ তুলি সন্থাই উক্ত কাৰ্যৰ প্ৰতিবাদস্বৰূপে তিনিদিনলৈ বালি সৰবৰাহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে ৷

ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জনোৱা মতে, একাংশ লোকে উক্ত স্থানত প্ৰতিখন ট্ৰাকৰ পৰা দুহাজাৰ টকাকৈ সংগ্ৰহ কৰা প্ৰত্যক্ষ কৰে ৷ বিষয়া গৰাকীৰ উপস্থিতিৰ উমান পাই অবৈধভাৱে ধন সংগ্ৰহ কৰা আৰক্ষীকেইজনে পলায়ন কৰে ৷ ঘটনাতো সন্দৰ্ভত বিষয়া গৰাকীয়ে ঊৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে এক গোচৰো ৰুজু কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে ৷

লগতে চাওকঃখেলো ইণ্ডিয়া, 2020 ত অসমৰ হৈ উপাসাৰ প্ৰথমটো পদক দখল

Intro:মাঞ্জাত আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ ৷ অভিযোগ নস্যাত আৰক্ষীৰ ৷
---------------------------------------- ডিফু, ১০ জানুৱাৰী:- কাৰবি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ উত্থাপন কৰি আজি মাঞ্জাত এখনি সংবাদ মেলৰ আয়োজন কৰে জিলাখনৰ ছেণ্ড মহলদাৰ আৰু চাপ্লায়াৰ এছ'চিয়েছনে ৷ সংগঠনটোৱে সংবাদমেলত অভিযোগ কৰা অনুসৰি সন্ধিয়া মাঞ্জা আৰক্ষীৰ এটা দলে অকস্মাতে সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উক্ত সময়ত কাৰ্যালয়ত উপস্থিত কাৰ্যালয়ৰ কৰ্মচাৰী সকলক বিনা কাৰণত মাৰধৰ কৰে ৷আৰক্ষী বিভিন্ন সময়ত বালিৰ ব্যৱসায়ী সকলৰ পৰা ধন দাবী কৰি অহাৰ অভিযোগ তুলি সন্থাই উক্ত ঘটনাৰ প্ৰতবাদত আজিৰে পৰা পৰহিলৈকে তিনিদিনলৈ বালিৰ সৰবৰাহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে ৷ আনহাতে এই সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি কালি সন্ধিয়া নিয়মীয়া তহলত যোৱাৰ সময়ত আৰক্ষীয়ে উক্ত স্থানত প্ৰতিখন ট্ৰাকৰ পৰা দুহাজাৰ টকাকৈ সংগ্ৰহ কৰা প্ৰত্যক্ষ কৰে ৷আৰক্ষীৰ উপস্থিতিৰ উমাণ পাই এই সকল লোক উক্ত স্থানৰ পৰা পলায়ণ কৰে ৷ এই সন্দৰ্ভত উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে এক গোছৰো ৰুজো কৰা বুলি মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিছে ৷

ছাইদুল ইছলাম, ডিফুBody:********Conclusion:*********
Last Updated : Jan 11, 2020, 2:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.