ডিফু, ২৭আগষ্ট : জনজাতিকৰণৰ দাবীত কাৰ্বি আংলঙৰ পাৰখোৱাৰ মাঝিগাঁৱত উত্তাল প্ৰতিবাদ । আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে গুৰুত্ব নিদিয়াত ক্ষুদ্ধ হৈ পৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থা । বুধবাৰে জনজাতিকৰণৰ দাবীত মাঝিগাঁৱৰ ৰাজহুৱা ক্লাৱঘৰ প্ৰাংগনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৱে ।
জনজাতিকৰণৰ বিভিন্ন দাবী সম্বলিত প্লে'কাৰ্ড হাতে হাতে লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচীত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাকেশ কুজুৰ, প্ৰচাৰ সম্পাদক অনন্ত কুমাৰ গৌড়, প্ৰাক্তন সভাপতি ৰাজীৱ চুৰেণ, ডকমকা আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে ইৰনুজ মিঞ্জ, প্ৰশান্ত টপ্পৰ লগতে সংগঠনটোৰ সদস্যসকল উপস্থিত থাকে ।
লগতে পঢ়ক : অসম চৰকাৰৰ পাঁচটা বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ