ETV Bharat / state

এ চি এছ বিষয়াক প্ৰহাৰ : সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো এ চি এছ বিষয়া সকলৰ প্ৰতিবাদ

author img

By

Published : Mar 10, 2022, 9:50 PM IST

ভাৰপ্ৰাপ্ত বিষয়াই এজন নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ তুলি সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত হাতে হাতে প্লে কাৰ্ডলৈ কাৰ্যবাহী দণ্ডাধীশ সকলৰ মৌন প্ৰতিবাদ সাব্যস্ত ৷ ভুক্তভোগী বিষয়া বিভাষ মেধিক ন্যায় প্ৰদানৰ দাবী দাবী প্ৰতিবাদকাৰীৰ (Allegation against OC of satgaon police station) ৷

acs-officers-protest-against-satgaon-oc-in-front-of-karbi-anglong-dc-office
সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো এ চি এছ বিষয়া সকলৰ প্ৰতিবাদ

ডিফু, ১০ মাৰ্চ : থানাত গোচৰ দিবলৈ আহি খোদ আৰক্ষী বিষয়াৰ দ্বাৰা অপদস্থ হ’ল কৰ্মৰত এগৰাকী নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ । সোমবাৰে মহানগৰীৰ সাতগাঁও থানাত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

অভিযোগ অনুসৰি, নুনমাটি গোপাল নগৰ নিবাসী দক্ষিণ শালমৰাৰ কাৰ্যবাহী দণ্ডাধীশ হোৱাৰ উপৰিও এগৰাকী নিৰ্বাচনী বিষয়া হিচাপে কৰ্মৰত বিভাষ মেধিয়ে সোমবাৰে দিনৰ প্ৰায় ৩ বজাত থানাখনত উপস্থিত হয় ৷ কিয়নো কিছুদিনৰ পৰা সাতগাঁও থানাৰ অন্তৰ্গত দলবাৰীৰ কোনো অচিনাক্ত লোকে ফোনযোগে দণ্ডাধীশগৰাকীক ভাবুকি প্ৰদান কৰি আহিছিল ৷ যাৰ সন্দৰ্ভত সাতগাঁও থানাত এক গোচৰ দিয়াৰ উদ্দেশ্যে সোমবাৰে থানাত উপস্থিত হৈছিল দণ্ডাধীশগৰাকী ।

কিন্তু থানা চৌহদত আকস্মিকভাৱে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সৈতে দণ্ডাধীশগৰাকীৰ মাজত কোনো কথাক লৈ মতানৈক্যৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতে আৰক্ষী বিষয়াগৰাকীয়ে দণ্ডাধীশ বিভাষ মেধিক অশালীন ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিকভাৱেও অপদস্থ কৰে ৷ এই বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী দণ্ডাধীশগৰাকীয়ে (Allegation against OC of satgaon police station)।

এই ঘটনাৰ অভিযোগ তুলি এতিয়া ৰাজ্যজুৰি এ চি এছ বিষয়া সকলে সাব্যস্ত কৰিছে প্ৰতিবাদ(ACS officers protest against Satgaon OC ) ৷ সমান্তৰালকৈ বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাত উক্ত বিষয়কলৈ কাৰ্যবাহী দণ্ডাধীশসকলে উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত(Karbi Anglong DC office) হাতে হাতে প্লে কাৰ্ডলৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ এচিএছ বিষয়াসকলে বিতৰ্কিত অ'চি ' ডিছমিছ প্ৰাণজিৎ লহকৰ, আই ষ্টেণ্ড উউথ বিভাষ মেধি এচিএছ' সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰে ৷

এই সন্দৰ্ভত সদৰ মহকুমাধিপতি মনিকা বৰাই সংবাদমাধ্যমৰ আগত ব্যক্ত কৰি কয় যে, 'এখন থানাত আৰক্ষীৰ দ্বাৰা অপহৃত কাৰ্য গৰিহণাৰ যোগ্য ৷ থানাত এনে কাৰ্য হ'ব নালাগে ৷ থানাত কেৱল এচিএছ বিষয়াই নহয় সাধাৰণ ৰাইজেও নিৰাপত্তা পাব লাগে ৷'

লগতে পঢ়ত : কাৰ্বি আংলংবাসীৰ আবেগৰ লগত নেখেলিবলৈ মুখ্যমন্ত্ৰীক আহ্বান কাৰ্বি ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.