ৰঙিয়া, 20 মে’: ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাত্ৰা কৰা শ শ শ্ৰমিকক বুধবাৰে খাদ্য সামগ্ৰীৰ যোগান ধৰিছে ৰঙিয়াৰ যুৱকৰ এটা দলে । দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে নিজ গৃহলৈ যাব পৰা নাই বহু সংখ্যক বহিঃৰাজ্যৰ শ্ৰমিক । আৰ্থিক সংকটত ভোগা এইসকল শ্ৰমিকৰ কিছুমানে পৰিয়ালসহ খোজকাঢ়ি অথবা টেম্পু'ৰে যাত্ৰা আৰম্ভ কৰে নিজ গৃহলৈ ।
কণমানি সন্তানসহ অতি কষ্টৰ মাজেৰে যাত্ৰা কৰা এই শ্ৰমিকসকলক ৰঙিয়াৰ কলমনি, তাৰাকুছি অঞ্চলৰ কেইজনমান যুৱকে একেলগ গৈ খাদ্য সামগ্ৰী যোগান ধৰি সহায়ৰ হাত আগবঢ়ায় । ইয়াৰোপৰি তেওঁলোকক খাদ্যৰ লগতে মাস্কো বিতৰণ কৰে যুৱকৰ দলটোৱে ।