ETV Bharat / state

হাজোৰ টোক্ৰাদিয়াত কলাজল নৈৰ তাণ্ডৱ

বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং ৷

হাজোৰ টোক্ৰাদিয়াত কলাজল নৈৰ তাণ্ডৱ
author img

By

Published : May 28, 2019, 1:43 PM IST

কামৰূপ , 28 মে': কামৰূপ জিলাৰ হাজোৰ টোক্ৰাদিয়াত কলাজল নৈৰ বাঢ়নী পানীয়ে টোক্ৰাদিয়া অঞ্চলৰ এখন কাঠৰ দলং উটুৱাই নিয়ে ৷ প্ৰায় দহখন গাঁৱৰ যোগাযোগৰ একমাত্ৰ মাধ্যম দলংখন বাঢ়নী পানীত উটি যোৱাত বৃহত্তৰ টোক্ৰাদিয়া অঞ্চলৰ ৰাইজে নানান সমস্যা ভুগিব লগীয়া হৈছে ৷

হাজোৰ টোক্ৰাদিয়াত কলাজল নৈৰ তাণ্ডৱ

দলংখনে অঞ্চলটোৰ জনসাধাৰণৰ লগতে কামৰূপৰ দামপুৰ, বংশৰ , সানপাৰা, শুৱালকুছি, সোৱানছাহ , ৰামদিয়া, বামুন্দি আদি অঞ্চলৰ ৰাইজৰ লগত যোগাযোগ ৰক্ষা কৰি আহিছিল ৷ দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়াত এতিয়া চিন্তাত পৰিছে বৃহত্তৰ অঞ্চলটোৰ নৈপৰীয়া ৰাইজ ৷ ইপিনে ৰাইজৰ অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা এখন পকী দলং নিৰ্মিয়মান অৱস্থাত আছে যদিও ঠিকাদাৰৰ গাফিলতিৰ বাবে আজিও পকী দলংখনৰ নিৰ্মাণৰ কাম আধৰুৱা হৈ আছে ৷ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰক কেইবাবাৰো আবেদন নিবেদন কৰাৰ পিচতো আজিলৈকৈ যোগাযোগৰ কোনো সুব্যৱস্থা নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ তেনে সময়তে হঠাৎ কলাজল নৈৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়াত টোক্ৰাদিয়া অঞ্চলত সম্পূৰ্ণ যাতায়ত বন্ধ হৈ পৰে ৷ সেয়ে ক্ষোভিত ৰাইজে বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ৷

SLUG- HAJO WOODEN BRIDGE COLLAPSE AT TOKRADIA

SCRIPT- হাজোৰ টোক্ৰাদিয়াত কলাজল নৈৰ তাণ্ডৱ । বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং । বাঢ়নী পানীয়ে দলং উটুৱাই  নিয়াত হাহাকাৰ বৃহত্তৰ টোক্ৰাদিয়া অঞ্চলৰ ৰাইজৰ । প্ৰায় দহখন গাওঁৰ যোগাযোগৰ একমাত্ৰ মাধ্যম দলংখন উটি যোৱাত নানান সমস্যাত পৰিছে অঞ্চলটোৰ জনসাধাৰণৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল । দৈনিক দলংখনৰে অঞ্চলটোৰ জনসাধাৰণৰ লগতে কামৰূপৰ দামপুুৰ, বংশৰ, সানপাৰা, শুৱালকুছি, সোৱানছাহ, ৰামদিয়া, বামুন্দি আদি অঞ্চলৰ ৰাইজৰ লগত যোগাযোগ ৰক্ষা কৰি আহিছিল ।  দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়াত  দুচিন্তাত পৰিছে বৃহত্তৰ অঞ্চলটোৰ নৈপৰীয়া ৰাইজ । দীৰ্ঘদিনৰ পৰা এখন পকী দলং নিৰ্মিয়মান অৱস্থাত আছে যদিও ঠিকাদাৰৰ গাফিলতিৰ বাবে আজিও আধৰুৱা হৈ আছে পকী দলংখনৰ নিৰ্মাণৰ কাম । ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰক কেইবাবাৰো আবেদন নিবেদন কৰাৰ পিছতো আজিলৈকৈ যোগাযোগৰ কোনো সুব্্যৱস্থা ন`হল । কিন্তু হঠাৎ কলাজল নৈৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়াত সম্পূৰ্ণ যাতায়ত বন্ধ হৈ পৰাত ক্ষোভিত ৰাইজে বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.