ETV Bharat / state

16 আগষ্টৰ পৰা বন্ধ হ’ব ৰাজ্যৰ পানী যোগান ! - Pump Operator

চাকৰি নিয়মীয়াকৰণ আৰু দৰমহাৰ দাবীৰে 16 আগষ্টৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিব ৰাজ্যৰ 8,904 গৰাকী কৰ্মচাৰীয়ে ৷ সেয়েহে 16 আগষ্টৰ পৰা বন্ধ হৈ পৰিব জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHED)ৰ পানী যোগান (Water Supply) ৷

water-supply-under-public-health-engineering-department-to-be-stopped
বন্ধ হ’ব ৰাজ্যৰ পানী যোগান
author img

By

Published : Aug 10, 2021, 11:44 AM IST

ৰঙিয়া, 10 আগষ্ট : 16 আগষ্টৰ পৰা বন্ধ হৈ পৰিব ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHED)ৰ অধীনৰ পানী যোগান (Water Supply) ৷ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহাৰ দাবীৰে উক্ত দিনাৰ পৰা অসমৰ 8,904 গৰাকী কৰ্মচাৰীয়ে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিব বুলি জানিব পৰা গৈছে । প্ৰায় এটা দশকতকৈও অধিক সময় পাম্প অ’পাৰেট (Pump Operator)ৰ হিচাপে বিনা বেতনে কাম কৰি অহা কৰ্মচাৰীসকলে অনাগত দিনত অনুষ্ঠিত হ’বলগীয়া আন্দোলনৰ বাবে জগৰীয়া কৰিছে চৰকাৰক । এইসকল কৰ্মচাৰীৰ সৰহসংখ্যকে এটা নিয়মীয়া চাকৰিৰ আশাত নিজৰ ম্যাদী মাটি পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ বাবে চৰকাৰক দান কৰিছিল ।

লগতে পঢ়ক : বিলাসীপাৰাত PMAY গৃহ নিৰ্মাণত লুণ্ঠনৰাজৰ অভিযোগ

কিন্তু বহুবছৰ ধৰি চাকৰিৰ নিয়মীয়াকৰণ নহ’ল কৰ্মচাৰীসকলৰ । ইয়াৰ উপৰিও এইসকল কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি লাভ কৰা নাই বেতন । 2013-2014 বৰ্ষত কিছুসংখ্যক আঁচনিত কমিটি গঠন কৰি ছমাহৰ বাবে 5 হাজাৰকৈ টকা দিয়া হৈছিল যদিও ছমাহৰ পাচত সেইখিনি মাননীও বন্ধ কৰি দিয়া বুলি কৰ্মচাৰীসকলে জানিবলৈ দিয়ে ।

বন্ধ হ’ব ৰাজ্যৰ পানী যোগান

মানৱীয়তাৰ খাতিৰত ইমান দিনে কাম কৰি অহা এইসকল কৰ্মচাৰীয়ে চৰকাৰক প্ৰাপ্য আদায় দিবলৈ দাবী জনাইছে । এইসকল কৰ্মচাৰীৰ বেছিভাগৰে বয়সৰ সীমা, চাকৰিৰ বাবে নিৰ্ধাৰিত সীমাতকৈ উকলি যোৱাৰ উপক্ৰম হোৱাৰ বাবে অন্য কাম বা সংস্থাপনৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে ৷ ইফালে পানী যোগান আঁচনিৰ নামত চৰম দুৰ্নীতি (Corruption) চলি থকা বুলি মন্তব্য কৰে পাম্প অ’পাৰেটৰসকলে ৷

বছৰ বছৰ ধৰি চৰকাৰৰ দ্বাৰা শোষিত হৈ অহা এইসকল পাম্প অ’পাৰেটৰে তেওঁলোকৰ প্ৰাপ্য আদায় দিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে । অন্যথা অনাগত দিনৰ অনাহুত পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলি মন্তব্য কৰে কৰ্মচাৰীসকলে । চৰকাৰৰ হাততেই শোষিত এইসকলৰ চৰকাৰী কৰ্মচাৰীয়ে এতিয়া যিকোনো প্ৰকাৰে বিচাৰিছে তেওঁলোকৰ প্ৰাপ্য ৷

লগতে পঢ়ক : জনজাতিকৰণৰ নামত ৰাজনীতি বন্ধ কৰাৰ হুংকাৰ আছাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.