বকো, 30 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বকোত চৰকাৰলৈ বাট নাচাই গাঁওবাসীয়ে নিজাববীয়াকৈ মেৰামতি কৰিলে জৰাজীৰ্ণ পথ ৷ বকোৰ কটলগাঁৱৰ মাজেৰে পাৰ হৈ যোৱা বকো-পয়ৰাংগা আৰু বকো-শোলা পথ সংযোগী প্ৰায় 2 কিল'মিটাৰ পথ চৰকাৰৰ অৱহেলাৰ বাবে ৰাইজে নিজাববীয়াকৈ মেৰামতি কৰিলে ।
ৰাইজৰ অভিযোগ অনুসৰি, প্ৰত্যেক বাৰেই নিৰ্বাচনৰ পূৰ্বে বিভিন্ন দলৰ প্ৰাৰ্থী গাঁওখনত উপস্থিত হৈ ৰাইজক ভোটৰ বিনিময়ত পথটো পঁকী কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ কিন্তু নিৰ্বাচনৰ পিচত জনপ্ৰতিনিধিয়ে ৰাইজৰ সমস্যাক পিঠি দিয়ে বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে ৷
স্থানীয় ৰাইজে আকৌ জানিবলৈ দিয়া অনুসৰি, এই পথটোৰ মেৰামতি অথবা পঁকীকৰণৰ ক্ষেত্ৰত বহুবাৰ চৰকাৰ, স্থানীয় বিধায়ক, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদক অৱগত কৰিছে যদিও আজিলৈ কোনো ধৰণৰ সুফল লাভ নকৰিলে । প্ৰায় 100 টা পৰিয়ালে বাস কৰা এই গাঁওখনৰ পথৰ দূৰবস্থাৰ বাবে গাঁৱৰ বেমাৰী মানুহক চিকিৎসালয়লৈ লৈ যাবৰ বাবেও যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে স্কুল কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰী সকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় বুলি জানিবলৈ দিয়ে । যাৰবাবে গাঁওবাসীয়ে শিল-বালি ক্ৰয় কৰি দেওবাৰে নিজাববীয়াকৈ পথটো মেৰামতি কৰিলে ৷
লগতে পঢ়ক : ম্যাদ ওকলা সমাগ্ৰীৰে গ্ৰাহকক ঠগন গোলাঘাট চহৰৰ একাংশ ব্য়ৱসায়ীৰ