নিউজ ডেস্ক, 13 জানুৱাৰী: আজি মাঘ বিহুৰ উৰুকা ৷ সমগ্ৰ ৰাজ্যতে অসমীয়াৰ বাপোতি সাহোন মাঘ বিহু অৰ্থাৎ ভোগালীক লৈ বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশে । ক’ৰণাৰ বাবে চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাৰ মাজেৰেই ৰাজ্যবাসীয়ে পালন কৰিবলৈ ওলাইছে ভোগৰ উৎসৱ ভোগালী (Assam people celebrates Bhogali Bihu)। লাড়ু-পিঠাকে আদি কৰি তৰহে তৰহে বনোৱা সুস্বাদু খাদ্য সম্ভাৰৰ আমোলমোল গোন্ধ, ঢেঁকীৰ চেৱে সমগ্ৰ ৰাজ্যখনতে সৃষ্টি কৰিছে এক উছৱৰ পৰিৱেশ ।
ৰাজ্যখনৰ প্ৰতিটো অঞ্চলত নিৰ্মাণ কৰা বিভিন্ন আৰ্হিৰ মেজিবোৰে সকলোকে কৰিছে আকৰ্ষিত ৷ ওখ ওখ মেজিবোৰে যেন আকাশহে চুবলৈ হাত মেলিছে, চৌদিশে এনেবোৰ দৃশ্যই এতিয়া পৰিলক্ষিত হৈছে । ক’ভিড 19 ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নতুন বিধি-নিৰ্দেশনাৰ মাজেৰেই বছৰেকৰ বিহুটিৰ উৰুকাৰ নিশা এসাঁজ লগে-ভাগে খোৱাৰ বাবে সকলোৱে চলাইছে প্ৰস্তুতি ৷
সেয়েহে পুৱাৰে পৰাই ৰাজ্যৰ বজাৰসমূহ ভৰি পৰিছে চিতল, ৰৌ, ভকুৱা আদি বিভিন্ন মাছেৰে ৷ অৱশ্যে উৰুকা উপলক্ষে মাছ-মাংসৰ দাম কিছু বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে যদিও ৰৈ থকা নাই গ্ৰাহক ।
চৌদিশে উথপথপ পৰিৱেশ ৷ বজাৰত ক্ৰেতা-বিক্ৰেতাৰ পাৰভঙা উছাহ ৷ ব্যৱসায়ীসকলে বজাৰত ভিন্ন প্ৰকাৰৰ মাছ ওলিয়াই দিছে যদিও ৰাজ্যৰ বিভিন্ন স্থানত মীন বিভাগে জিলা প্ৰশাসনৰ সহযোগত সুলভ মূল্যত মাছ বিক্ৰী কৰাও পৰিলক্ষিত হৈছে ৷ প্ৰচণ্ড শীতৰ লগতে অহা কিনকিনিয়া বৰষুণকো নেওচি পুৱতি নিশাৰে পৰা এনেদৰেই দেখা গ’ল ক্ৰেতা-বিক্ৰেতাৰ খদমদম ৷
ইফালে গ্ৰাম্যাঞ্চলত মহিলাসকলৰ কাৰোৰে যেন গাত নাই তৎ ৷ প্ৰতিঘৰৰ পৰা ওলাই আহিছে ঢেকীৰ চাৱ ৷ কোনোৱে যদি ঢেকী দিছে, আন কোনোৱে আকৌ পিঠা ভাজিছে । এনেদৰেই এতিয়া তিল পিঠা, তেল পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু আদি বিভিন্ন সুস্বাদু খাদ্যসম্ভাৰৰ প্ৰস্তুতিৰ পৰ্ব সম্পূৰ্ণ কৰিছে ।সমান্তৰালভাৱে বিহুগীতৰ তালে তালে কঁকাল ভাঙি নাচিছে আইতাৰ পৰা জীয়ৰীলৈ সকলোৱে ৷
ভোগৰ বিহু ভোগালী মানেই সৰভোগৰ দৈ ৷ সৰভোগৰ এঠা দৈ অবিহনে যেন আধৰুৱা হেঁপাহৰ ভোগালী ৷ দুগ্ধ নগৰী সৰভোগৰ দৈ গোটেই ৰাজ্যবাসীৰ কাৰণে সদা সমাদৃত ৷ এতিয়া সৰভোগৰ সৰু-বৰ সকলো দৈৰ বিপণীত এতিয়া এনেদৰেই দেখা গৈছে তৰপে তৰপে সুস্বাদু দৈ ক্ৰীম ৷ কেৱল সৰভোগেই নহয়, এতিয়া বাঘমৰা, টীয়ক, জাঁজিমুখ সকলোতে এঠা দৈৰ প্ৰয়োভৰ ৷
ইফালে ক’ভিড-19 ৰ অতিমাত্ৰা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰা নতুন SOP ত মাঘ বিহুৰ উৰুকা উদযাপনৰ ক্ষেত্ৰত আংশিক শিথিলতা প্ৰদান কৰিছে চৰকাৰে (Covid SOP in Magh Bihu)৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্ত এতিয়া উটি-ভাঁহি আছে ভোগালীৰ ঢৌত ৷ যেনেকেই নহওক, লগে ভাগে আত্মীয় স্বজনেৰে নিশালৈ মাছে মঙহে উদৰ পূৰাই খাবই খাব উৰুকাৰ এসাঁজ ।
লগতে পঢ়ক : ক'ভিড পৰিস্থিতিৰ বাবেই বাতিল ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ মঁহযুজ