গুৱাহাটী , 03 এপ্ৰিলঃ"বিজেপি অথবা কংগ্ৰেছে টিকট প্ৰদান কৰিলেও ৰাষ্ট্ৰীয় দলৰ বেনাৰত নিৰ্বাচন নেখেলিলো হয় " -গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই এই মন্তব্য কৰে ৷ বুধবাৰে গুৱাহাটী লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উপমন্যু হাজৰিকাই নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ৷
কেইবা শতাধিক সমৰ্থকক লগতলৈ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ৰিটাৰ্নিং বিষয়া কমল কুমাৰ বৈশ্যৰ হাতত মনোনয়ন পত্ৰদাখিল কৰে ৷ ইপিনে কোনো দলে অসমৰ খিলঞ্জীয়াৰ কথা নাভাৱে বুলি অভিযোগ কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ তদুপৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নিৰ্দলীয় প্ৰাৰ্থী গৰাকীক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় উপমন্যু হাজৰিকাই ৷ ইয়াৰোপৰি খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ আৰু চাকৰিৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি যোৱাৰ হুংকাৰ দিয়ে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে ৷