ETV Bharat / state

ৰঙিয়াত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন

author img

By

Published : Dec 30, 2019, 4:48 PM IST

1954 চনতেই কৰিমগঞ্জৰ পৰা আহি অঞ্চলটোত বাস কৰিবলৈ লৈছিল বিদ্যুৎ চন্দ্ৰ ৰায় নামৰ লোকজনে ৷ ৰায়ৰ সোমবাৰে পুৱা 86বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মাত্ৰ দুটা হিন্দু পৰিয়াল থকা অঞ্চলটোৰ বাকী মুছলমান ৰাইজে ৰায়ক অন্তিম বিদায় দিয়াৰ বাবে ওলাই আহে ৷

Unity among two religion people at Rangiya
ৰঙিয়াত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন

ৰঙিয়া, 30 ডিচেম্বৰঃ যি সময়ত এচামে ধৰ্মক ৰাজনীতিৰ আহিলা হিচাপে লৈ সমাজত অশান্তি বিয়পোৱাৰ যড়যন্ত্ৰ কৰি আছে, তেনে সময়তেই ৰঙিয়াৰ কাউৰবাহাত দেখা গ’ল সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন ৷ সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে এজন লোকৰ শেষকৃত্য সমাপন কৰে অঞ্চলটোৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে ৷

ৰঙিয়াত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন

উল্লেখ্য যে, 1954 চনতেই কৰিমগঞ্জৰ পৰা আহি অঞ্চলটোত বাস কৰিবলৈ লৈছিল বিদ্যুৎ চন্দ্ৰ ৰায় নামৰ লোকজনে ৷ অঞ্চলটোৰ এজন অতি সৰবৰাহী লোক হিচাপে পৰিচিত ৰায়ৰ সোমবাৰে পুৱা 86বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মাত্ৰ দুটা হিন্দু পৰিয়াল থকা অঞ্চলটোৰ বাকী মুছলমান ৰাইজে ৰায়ক অন্তিম বিদায় দিয়াৰ বাবে ওলাই আহে ৷ আনহাতে, ৰায়ৰ মৃত্যুৰ উপলক্ষে সোমবাৰে কাউৰবাহা চ’কৰ দোকান পোহাৰ বন্ধ থাকে ৷

লগতে পঢ়ক-হৰিৎ কৰ্ম সেনাৰ প্লাষ্টিক বিৰোধী সংগ্ৰাম

Intro:ৰঙিয়াত সম্প্ৰিতিৰ অপূৰ্ব নিদৰ্শনBody:যি সময়ত এচামে ধৰ্মৰ নামত ৰাজনীতি কৰি সমাজত অশান্তি বিয়পোৱাৰ ষড়যন্ত্ৰ কৰি আছে তেনে সময়তেই ৰঙিয়াৰ কাউৰবাহাত দেখা গ'ল সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন। মুছলমান অধ‍্যুষিত অঞ্চলটোত ১৯৫৪ চনতেই কৰিমগঞ্জৰ পৰা আহি বাস কৰিবলৈ লৈছিল বিদ‍্যুৎ চন্দ্ৰ ৰায়ে। কাউৰবাহালৈ অহাৰ কিছুদিন পিছতেই পৰিয়াল চলাবলৈ তেওঁ কাউৰবাহা চকত এখন দোকান পাতে। উল্লেখযোগ্য যে কাউৰবাহা চকৰ এইখনেই প্ৰথম দোকান আছিল। কালক্ৰমত সৰবৰাহী ৰায় অঞ্চলটোৰ মানুহৰ মাজত জনপ্ৰিয় হৈ পৰে। পিছে আজি পুৱাই ৮৬ বছৰীয়া বিদ‍্যুৎ চন্দ্ৰ ৰায়ৰ বাৰ্ধক‍্যজনিত কাৰণত মৃত্যু হয়। মাত্ৰ দুটা হিন্দু পৰিয়াল থকা অঞ্চলটোৰ বাকী মুছলমান ৰাইজে ৰায়ক অন্তিম বিদায় দিবলৈ ওলাই আহে। কোনোৱে যদি খৰি গোটাইছে, কোনোৱে আকৌ সাঙি বনোৱাত সহায় কৰি দিছে। শেষত ৰায়ক কান্ধত তুলি শ্মশানলৈ লৈ যায় শেষ বিদায় জনায় স্থানীয় ৰাইজে। কাউৰবাহা চকৰ প্ৰথমখন দোকানৰ মালিক বিদ‍্যুৎ চন্দ্ৰ ৰায়ৰ মৃত্যু উপলক্ষে আজি কাউৰবাহা চকৰ দোকান পোহাৰ বন্ধ থাকে।
Bite:- স্থানীয় ৰাইজConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.