ৰঙিয়া,2 নৱেম্বৰ : ৰঙিয়াত মছজিদৰ দানপাত্ৰ চুৰি কৰিবলৈ অহা দুই ডকাইতক হাতে-লোটে ধৰিলে স্থানীয় ৰাইজে । ইয়াৰোপৰি উত্তম-মধ্যম শোধাই ডকাইত দুটাক আৰক্ষীৰ হাতত গতাই দিয়াৰ লগতে বাইকখনতো জুই লগাই দিয়ে উপস্থিত ক্ষুব্ধ ৰাইজে ৷ ধৃত ডকাইত দুটা হাজোৰ বিকি আলী আৰু নিতুমণি মালাকৰ বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, শনিবাৰে পুৱতি নিশা ৰঙিয়াৰ মুৰাৰা জামে মছজিদত ডকাইত দুটাই ৰদ,ডেগাৰ লৈ প্ৰৱেশ কৰিছিল । মছজিদৰ দানপাত্ৰটো ভাঙিবলৈ লওতেই সমীপতে থকা এঘৰ লোকে শব্দ শুনিবলৈ পোৱাত চুবুৰীটোৰ অন্য লোকক অৱগত কৰে ৷ ইয়াৰ পাচতে ভালে সংখ্যক লোক মছজিদটোত উপস্থিত হৈ ডকাইত দুটাক আটক কৰিবলৈ সক্ষম হয় । গণপ্ৰহাৰৰ সন্মুখীন হৈ ডকাইত দুটাই মছজিদটোত প্ৰৱেশৰ পূৰ্বে দুখন দোকানত লুট কৰি অহা বুলি স্বীকাৰ কৰে । ডকাইত দুটাই 12 জনীয়া এটা দলৰ সৈতে ৰঙিয়াত ডকাইতি কৰিবলৈ অহা বুলিও স্বীকাৰোক্তি দিয়ে ।