ETV Bharat / state

আৰক্ষী-অৰ্ধ সামৰিক বাহিনীত নিযুক্তিৰ বাবে ৰঙিয়াত প্ৰশিক্ষণ শিবিৰ - ভাৰতীয় সেনা

আৰক্ষী-অৰ্ধ সামৰিক বাহিনীত নিযুক্তি লাভ কৰিব পৰাকৈ ৰঙিয়াৰ বালিসত্ৰত আয়োজন কৰা হৈছে এক প্ৰশিক্ষণ শিবিৰ ৷ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ ৷

Training camp in Rangia for recruitment in police paramilitary forces
আৰক্ষী-অৰ্ধ সামৰিক বাহিনীত নিযুক্তিৰ বাবে ৰঙিয়াত প্ৰশিক্ষণ শিবিৰ
author img

By

Published : Aug 20, 2021, 5:22 PM IST

ৰঙিয়া, 20 আগষ্ট : অসম আৰক্ষীৰ লগতে ভাৰতীয় সেনাত নিযুক্তি লাভ কৰিব পৰাকৈ ৰঙিয়াৰ বালিসত্ৰত আয়োজন কৰা হৈছে এক প্ৰশিক্ষণ শিবিৰ ৷ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত এমহীয়া কাৰ্যসূচীৰে বালিসত্ৰৰ খেল পথাৰত আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ ৷ এই শিবিৰত বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷

এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোত উপস্থিত থাকে SSB ৰ 24 বেটেলিয়নৰ শীৰ্ষ বিষয়া অলোক শৰ্মা, ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিল মৰাণ, অসম আৰক্ষীৰ প্ৰশিক্ষক বিপুল মেধী, আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, হেমন্ত দাস ।

আৰক্ষী-অৰ্ধ সামৰিক বাহিনীত নিযুক্তিৰ বাবে ৰঙিয়াত প্ৰশিক্ষণ শিবিৰ

লগতে পঢ়ক: অসমৰ দুগৰাকী শিক্ষকলৈ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা

উল্লেখ্য যে, এই এমহীয়া শিবিৰত কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া সংগঠক-খেলুৱৈৰ লগতে ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ শাৰীৰিক প্ৰশিক্ষকৰ দ্বাৰা ইচ্ছুক যুৱক-যুৱতীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ এই শাৰীৰিক প্ৰশিক্ষণ শিবিৰটোত প্ৰায় দুই শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷

এই কাৰ্যসূচীৰ সন্দৰ্ভত দীপাংক কুমাৰ নাথে কয়, এই কাৰ্যসূচীৰ জৰিয়তে যুৱক-যুৱতীসকল বহু পৰিমানে লাভাম্বিত হ'ব ৷ যিসকলে অসম আৰক্ষীৰ লগতে ভাৰতীয় সেনাত যোগ দিবলৈ ইচ্ছুক তেওঁলোকে এই প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে ৷ ইতিমধ্যে অসম আৰক্ষীৰ লগেত ভাৰতীয় অৰ্ধ সামৰিক বাহিনীতো বহু খালি পদ উলাইছে ৷ গতিকে ৰঙিয়াৰ লগতে অসমৰ অন্য প্ৰান্ততো আছুৰ উদ্যোগত এনে ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিয়ে দীপাংক কুমাৰ নাথে ৷

লগতে পঢ়ক: OBC বিধেয়কলৈ সন্মতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.