গুৱাহাটী, ১ এপ্ৰিল: নিৰ্বাচনৰ পূৰ্বে তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। সোমবাৰে মহানগৰীৰ মালিগাঁৱত যান-বাহন আৰক্ষীয়ে চলায় অভিযান। প্ৰতিখন গাড়ী তন্ন-তন্নকৈ তালাচী চলায় আৰক্ষীয়ে। লগতে বাহনত কলা কাগজ লগোৱাৰ বিৰুদ্ধে কঠোৰ হৈ পৰে যান-বাহন আৰক্ষী। বাহনৰ আইনাত বিজ্ঞাপন, কলা কাগজ লগোৱা যান-বাহনৰ গৰাকীক জৰিমনা বিহাৰ লগতে পুনৰ কলা কাগজ নলগাবলৈ নিৰ্দেশ দিয়ে আৰক্ষীয়ে।
নিৰ্বাচনৰ সময়ত যাতে কোনো দুষ্টচক্ৰই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে মহানগৰীত যান-বাহন আৰক্ষীয়ে চলাই এই অভিযান। লগতে অনাগত দিনতো নিয়মীয়া ভাৱে এনে অভিযান চলি থাকিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷