ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ

author img

By

Published : Oct 3, 2020, 9:00 AM IST

পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ

Top 10 news at 9 am
পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ

নতুন ৰাজনৈতিক দলক লৈ হিমন্তৰ প্ৰতিক্ৰিয়া

নতুন দল ৰাইজৰ দল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে সকলো দল একত্ৰিত হওঁক ৷ তেতিয়াহে আমি যুঁজি ভাল পাম ৷ লগতে নিৰ্বাচনী সভাত ভাষন দিবলৈও সুবিধা হ'ব ৷

পৰিত্য়ক্ত অৱস্থাত মৰিগাঁৱৰ বীৰ চিলাৰায় উদ্যান

পেলনীয়া সামগ্ৰী তথা আৰ্বজনাৰে পৰিপূৰ্ণ এটা ডাষ্টবিন। এই ডাষ্টবিনটোত নিচাজাতীয় দ্ৰব্য, সুৰাৰ বটল, পানীবটল,কাপোৰ গ্লাচ, জোটা- চেণ্ডললৈ । এক কদৰ্যময় পৰিবেশ । প্ৰকৃততে এয়া পেলনীয়া সামগ্ৰী আবৰ্জনা ৰখা স্বচ্চ ভাৰতৰ আধুনিক ডাষ্টবিন নহয় । এয়া মৰিগাঁৱৰ বীৰ চিলাৰায় উদ্যানৰ দৃশ্যহে।

হেলিকপ্টাৰৰ সহায়ত গছপুলি ৰোপন ভাৰতীয় নৌ-সেনাৰ

গান্ধী জয়ন্তীৰ দিনটোত বিশেষ কাৰ্যসূচী হাতত লয় ভাৰতীয় নৌ-সেনাই ৷ নৌ-সেনাই ইয়াৰ UH3H হেলিকপ্টাৰৰ সহায়ক আকাশমাৰ্গৰ পৰা গছৰ গুটি সিঁচৰিত কৰি গছপুলি ৰোপনৰ কাম সম্পন্ন কৰে ৷

তেজপুৰত নিৰ্মাণ হ’ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক

তেজপুৰৰ ডিপোটাত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে 2022 চনৰ ভিতৰত নিৰ্মাণ হ'ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক । এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷

গঞাৰ হুংকাৰ : সমস্যা সমাধান নকৰিলে নেতাৰ প্ৰৱেশ নিষেধ

ৰাইজৰ সমস্যা সমাধান নকৰাৰ বাবে তিনিচুকীয়াত ৰাইজৰ গাঁওসভাৰ আয়োজন ৷ ৰাইজৰ সমস্যা সমাধান নকৰিলে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষেধ ৷ লগতে, প্ৰতিবাদত বহাৰ হুংকাৰ ৰাইজৰ ৷

স্বচ্ছ ভাৰত অভিযানৰ প্ৰকৃত স্বৰূপ উদঙালে নগাঁও চহৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ প্ৰকৃত স্বৰূপ উদঙালে নগাঁও চহৰৰ মাজমজিয়াৰ কিছু দৃশ্যই ৷ ইটিভি ভাৰতৰ কেমেৰাত বন্দী হ'ল নগাঁৱৰ জাবৰৰ দ’মৰ দৃশ্য ৷ আধুনিক নগাঁও চহৰৰ মাজমজিয়াত স্বচ্ছ ভাৰতৰ ফলক আঁৰি থোৱা স্থানতে দেখা গ'ল জাবৰৰ দ'ম ৷

ভ্ৰাম্যমাণ থিয়েটাৰৰ সোণোৱালী যাত্ৰাই অতিক্ৰম কৰিলে 57 টা বছৰ

‘ভোগজৰা’ নাটৰে আৰম্ভ হোৱা ভ্ৰাম্যমানৰ সোণোৱালী যাত্ৰাই অতিক্ৰম কৰিলে 57 টা বছৰ ৷ বজালীৰ ভ্ৰাম্যমাণ শিল্পী সকলক লৈ এখন জীৱনী গ্ৰন্থ প্ৰকাশ কৰাৰ কথা ঘোষণা কৰে পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড৹ ৰণজিৎ ডেকাই ৷

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ অহাৰ সম্ভাৱনা

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত 24 ঘণ্টাৰ ভিতৰত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷ এই বৰষুণ আজি নিশাৰ পৰাই গুৱাহাটীত হোৱাৰ সম্ভাৱনা আছে ।

১২ জাতি-জনজাতিক লৈ গঠিত হ'ব হিন্দু-বঙালী ৰাজনৈতিক দল

বেংগলী সম্প্ৰদায়ৰ স্বাৰ্থত ১২টাকৈ জাতি-জনজাতি, সংগঠনক লৈ এক হিন্দু-বঙালী ৰাজনৈতিক দল গঠন কৰা হ'ব ৷ এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে সদৌ অসম বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ অসম বেংগলী সুৰক্ষা মঞ্চই ৷

বিভিন্ন দাবীৰে বিটিচিত বিপিএফ-ইউপিপিএলৰ প্ৰতিবাদ

বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত আৰু গণতন্ত্ৰ ৰক্ষা কৰাৰ দাবীৰে গান্ধী জয়ন্তীৰ দিনাই হটাপাৰাস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত চাৰিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বিপিএফে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.