ETV Bharat / state

2 অক্টোবৰৰ ভিতৰত হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন

author img

By

Published : Aug 17, 2020, 8:33 PM IST

অৰুণোদয় আঁচনি সন্দৰ্ভত কামৰূপ জিলাৰ বিধায়কৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ 2 অক্টোবৰৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীক প্ৰদান কৰাৰ সিদ্ধান্ত চৰকাৰৰ ৷

Today Amingaon Visit Health Minister Himanta Biswa sarma
2 অক্টোবৰৰ ভিতৰত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ ধন প্ৰদানঃ স্বাস্থ্যমন্ত্ৰী

আমিনগাঁও, 17 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে সোমবাৰে আমিনগাঁৱত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ অৰুণোদয় আঁচনি সন্দৰ্ভত কামৰূপ জিলাৰ বিধায়কৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ 2 অক্টোবৰৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীক প্ৰদান কৰাৰ সিদ্ধান্ত চৰকাৰৰ ৷

কামৰূপ জিলাৰ আমিনগাঁৱত অৰুণোদয় আঁচনিৰ পৰ্যালোচনা সভাত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ 15 হাজাৰ পৰিয়ালক এই আঁচনিৰ আওতাত ধন প্ৰদান কৰিব বুলি মন্তব্য প্ৰদান কৰে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকে সাংসদ কুইন ওজা, পল্লৱলোচন দাস, মন্ত্ৰী ভবেশ দাস, বিধায়ক সত্যব্ৰত কলিতা, সুমন হৰিপ্ৰিয়া, প্ৰণব কলিতা আৰু ৰেকিবুদ্দিন আহমেদ ।

ইফালে, ইফালে বিজেপি দলত মুখ্যমন্ত্ৰী কেন্দ্ৰীক কোনো সংঘাত নাই বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিৰোধী দলপতি দেবব্ৰত শইকীয়াই হিমন্ত উচ্চাকাংক্ষী বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : ডুমডুমাৰ টিপুকস্থিত ইটাভাটাৰ পুখুৰীত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.