টিংখাং, 21 অক্টোবৰ: ডিব্ৰুগড়ৰ জিলাৰ টিংখাঙত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । বহিঃৰাজ্যত ৰহস্যজনক ভাৱে টিংখাঙৰ যুৱকৰ মৃত্যু। কৰ্ম সংস্থাপনৰ উদ্দেশ্যে কেইটামান দিনৰ পূৰ্বে বহিঃৰাজ্যলৈ ঢাপলি মেলিছিল যুৱকজন। কিন্তু ঘৰলৈ উভতি আহিল যুৱকজনৰ ক্ষত-বিক্ষত মৃতদেহ । 25 বছৰীয়া যুৱক জন টিংখাঙৰ ৰাজগড় ন-ভকতীয়াৰ লাৱণ্য কোচ আৰু স্বৰ্গীয় বিজয় কোচৰ সন্তান ৷ অৰূপ কোচ নামৰ যুৱকজন গোলাঘাটৰ সৰুপথাৰত এটা মাইক্ৰ ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল। আত্মীয়ই জনোৱা মতে কিছুদিন পূৰ্বে কলকাতাৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত টিংখাঙৰ শান্তনু ধাদুমীয়া নামৰ বন্ধু এজনে অৰূপ কোচক কলকাতালৈ নিমন্ত্ৰণ জনাইছিল। উদ্দেশ্য আছিল অৰূপক এটা ভাল কৰ্ম-সংস্থাপন ব্যৱস্থা কৰি দিয়াৰ। বন্ধুৰ প্ৰস্তাৱ অনুসৰি টিংখাঙৰ আজিজবাগ অঞ্চলৰ সঞ্জয় দত্ত নামৰ এজন বন্ধুৰ সৈতে যোৱা ১২ অক্টোবৰত অৰূপ কোচ কলকাতালৈ ঢাপলি মেলিছিল ।
সোমবাৰে বিয়লি অৰূপৰ মৃতদেহ ঘৰ আহি পোৱাৰ পাচতে এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয়। কি পৰিস্থিতিত অৰূপ কোচ নামৰ যুৱকজনে অকাল মৃত্যুক সাৱটিব লগা হ'ল তাকে লৈ এতিয়া গভীৰ ৰহস্যৰ সৃষ্টি হৈছে । এইয়া পৰিকল্পিত হত্যাকাণ্ড নে আন কিবা সকলো আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব ৷