কামৰূপ, 9 আগষ্টঃ চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে হাহাকাৰ লগাইছে অসম আৰক্ষীক ৷
চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে হাহাকাৰ লগাইছে অসম আৰক্ষীৰ ভিতৰচ'ৰাত । চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । আৰক্ষী সঞ্চালক প্ৰধানেও কামৰূপৰ বাইহাটা অঞ্চলত চলি থকা চুপাৰী ছিণ্ডিকেটৰ তদন্তৰ নিৰ্দেশ দিয়ে কামৰূপ আৰক্ষীক । কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই এক সংবাদ মেল সম্বোধন কৰি চুপাৰী ছিণ্ডিকেটত কামৰূপ আৰক্ষী কোনোপধ্যেই জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে । চুপাৰীয়ে নহয় যিকোনো ধৰণৰ ছিণ্ডিকেট কামৰূপ আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰাৰ পক্ষপাতি বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰে । জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে চুপাৰী ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াক দায়িত্ব প্ৰদান কৰে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।