কামৰূপ, 25 এপ্ৰিলঃ আমিনগাঁৱৰ নুমলী জলাহ খেলপথাৰৰ পৰা পুনৰ আৰম্ভ হ'ল ঘৰযাত্ৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোকসকলৰ বাবে স্বাস্থ্য বিভাগ আৰু পৰিবহন বিভাগ আৰু প্ৰশাসনৰ উদ্যোগত ঘৰলৈ ওভতি যোৱাৰ ব্যৱস্থা কৰে ৷
অৱশেষত এমাহৰ অন্তত গৃহবন্দী লোকৰ বাবে চৰকাৰে নিজ ঘৰলৈ ওভতি যোৱাৰ ব্যৱস্থা কৰে । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে নিৰ্দশ দিয়া অনুসৰি আমিনগাঁও কামৰূপ জিলা প্ৰশাসন,পৰিবহন বিভাগ আৰু স্বাস্থ্য বিভাগৰ তত্বাৱধানত নুমলী জলাহ খেলপথাৰত কামৰূপ জিলাত আবদ্ধ হৈ থকা লোক সকলক ঘৰলৈ ওভতি যোৱাৰ ব্যৱস্থা কৰে ৷ শনিবাৰে,কামৰূপ জিলাত আবদ্ধ লোকক নিজ ঘৰলৈ যোৱাৰ বাবে কামৰূপ স্বাস্থ্য বিভাগ আৰু পৰিবহন বিভাগ আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত জিলাৰ ১৯২৫ জন লোকক স্বাস্থ্য পৰীক্ষা কৰে ৷ ইয়াৰ উপৰিও শোণিতপুৰ জিলাৰ ৫৬ জন শ্ৰমিককো স্বাস্থ্য পৰিক্ষা কৰি নিজ ঘৰলৈ ওভতি যোৱাৰ ব্যৱস্থা কৰে বুলি জানিবলৈ পোৱা গৈছে । লগতে পৰিবহন বিভাগৰ ASTCৰ গাড়ী চালক আৰু হেণ্ডিমেনৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । অহা কাইলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আবদ্ধ হৈ থকা লোকসকলকো উপযুক্ত স্বাস্থ্য পৰীক্ষা কৰি যথা স্থানলৈ প্ৰেৰণ কৰিব বুলি পৰিবহন বিষয়াৰ জৰিয়তে জানিবলৈ পোৱা গৈছে ।