ৰঙিয়া, 17 ছেপ্তেম্বৰঃ
- ব্ৰহ্মপুত্ৰ মেইল ৰে’লৰ পৰা জব্দ ২ কোটি ৮০ লাখ টকাৰ বিদেশী সামগ্ৰী
- ৰঙিয়াত কাষ্টম বিভাগৰ সফল অভিযান
- এক গোপন সূত্ৰৰ পম খেদি কাষ্টম বিভাগে অভিযান চলায় জব্দ কৰে বিদেশী সামগ্ৰীখিনি
- নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ৰে’লৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী সামগ্ৰী
- জব্দ কৰা সামগ্ৰী খিনিৰ ভিতৰত আছে প্ৰসাধন সামগ্ৰী, চিগাৰেট, ম’বাইল ফোন
- ২ কোটি ৮০ লাখ টকাৰ বিদেশী সামগ্ৰী সমূহ ম্যানমাৰৰ পৰা ম'ৰে হৈ অনা হৈছিল
- তিনিচুকীয়া আৰু ডিমাপুৰত ৰে’লত সামগ্ৰীবোৰ বুকিং কৰি ব্ৰহ্মপুত্ৰ মেইলেৰে দিল্লীলৈ নিয়াৰ পৰিকল্পনা চলোৱা হৈছিল
- ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে বিভাগটোৱে তদন্ত আৰম্ভ কৰিছে