ETV Bharat / state

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা ৰঙিয়াৰ বাজাৰ ইণ্ডিয়াৰ

গ্ৰাহকৰ অভিযোগ অনুসৰি ৰঙিয়াৰ মাজ মজিয়াতে থকা বাজাৰ ইণ্ডিয়া নামৰ শ্বপিং মলটোৱে ন্যায়ালয়ৰ নীতি নিৰ্দেশনা নামানি উদ্বোধনীৰ প্ৰথম দিনাৰ পৰাই গ্ৰাহকৰ পৰা প্ৰতিটো কেৰিবেগৰ বাবদ পাঁচ টকাৰ পৰা সাত টকা পৰ্যন্ত লৈ আহিছে ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা ৰঙিয়াৰ বাজাৰ ইণ্ডিয়াৰ
author img

By

Published : Jul 1, 2019, 10:14 AM IST

ৰঙিয়া,০১ জুলাই : ৰঙিয়াৰ বাজাৰ ইণ্ডিয়াৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ন্যায়ালয়ৰ নিৰ্দশনা অনুসৰি কোনো দোকান বা বিপণীয়ে গ্ৰাহকৰ পৰা কেৰিবেগৰ বাবে অতিৰিক্ত ভাৱে পইচা ল'ব নোৱাৰে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা ৰঙিয়াৰ বাজাৰ ইণ্ডিয়াৰ

গ্ৰাহকৰ অভিযোগ অনুসৰি ৰঙিয়াৰ মাজ মজিয়াতে থকা বাজাৰ ইণ্ডিয়া নামৰ শ্বপিং মলটোৱে ন্যায়ালয়ৰ নীতি নিৰ্দেশনা নামানি উদ্বোধনীৰ প্ৰথম দিনাৰ পৰাই গ্ৰাহকৰ পৰা প্ৰতিটো কেৰিবেগৰ বাবদ পাঁচ টকাৰ পৰা সাত টকা পৰ্যন্ত লৈ আহিছে । গ্ৰাহকে আপত্তি কৰিলেও বাজাৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই আজি পৰ্যন্ত এই বিষয়টোলৈ কোনো কাণসাৰ নিদিয়াৰ অভিযোগ গ্ৰাহকৰ। সেয়ে দেওবাৰে ছাত্ৰ সমাজৰ লগতে একাংশ গ্ৰাহকে এই বিষয়টোলৈ বাজাৰ ইণ্ডিয়াৰ কতৃপক্ষক উভতি ধৰে। গ্ৰাহক আৰু কৰ্মচাৰীৰ মাজত বাকযুদ্ধ চলাৰ শেষত বাজাৰ ইণ্ডিয়াই গ্ৰাহকৰ পৰা কেৰিবেগৰ বাবদ পইচা লোৱা বন্ধ কৰে। কিন্তু কেইগৰাকীমান গ্ৰাহকৰ পৰা বিনা ৰচিদে পুনৰ পইচা লোৱাত আকৌ বিতৰ্কৰ সুত্ৰপাত হয়। এটা বেগৰ বাবে সূত্ৰপাত হোৱা এই বিতৰ্কৰ কোনো মীমাংসা নোহোৱাত, সংশ্লিষ্ট কৰ্তৃপক্ষই কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ।

Intro:উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা ৰঙিয়াৰ বাজাৰ ইণ্ডিয়াৰ।Body: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা ৰঙিয়াৰ বাজাৰ ইণ্ডিয়াৰ। ন‍্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি কোনো দোকান বা বিপনীয়ে গ্ৰাহকৰ পৰা কেৰিবেগৰ বাবে অতিৰিক্ত ভাৱে পইচা ল'ব নোৱাৰে। কিন্তু ৰঙিয়াৰ মাজ মজিয়াতে থকা বাজাৰ ইণ্ডিয়া নামৰ শ্বপিং মলটোৱে ন‍্যায়ালয়ৰ নীতি নিৰ্দেশনা নামানি উদ্বোধনীৰ প্ৰথম দিনাৰ পৰাই গ্ৰাহকৰ পৰা প্ৰতিটো কেৰিবেগৰ বাবদ পাঁচৰ পৰা সাতটকা পৰ্য্যন্ত লৈ আহিছে। গ্ৰাহকে আপত্তি কৰিলেও আজি পৰ্য্যন্ত কাণসাৰ কৰা নাছিল বাজাৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই। কিন্তু আজি ছাত্র সমাজৰ লগতে গ্ৰাহকৰ একাংশই এই বিষয়টো লৈ বাজাৰ ইণ্ডিয়াৰ কতৃপক্ষক উভতি ধৰে। গ্ৰাহক আৰু কৰ্মচাৰীৰ মাজত বাকযুদ্ধ চলাৰ শেহত বাজাৰ ইণ্ডিয়াই গ্ৰাহকৰ পৰা কেৰিবেগৰ বাবদ পইচা লোৱা বন্ধ কৰে। কিন্তু কেইগৰাকীমান গ্ৰাহকৰ পৰা বিনা ৰচিদে পুনৰ পইচা লোৱা বাবে আকৌ বিতৰ্কৰ সুত্ৰপাত হয়।
এটা বেগৰ বাবে সূত্ৰপাত হোৱা এই বিতৰ্কৰ কোনো মিমাংসা নোহোৱাত, সংশ্লিষ্ট কৰ্তৃপক্ষই কি বিহিত ব‍্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব।
Bite:- গ্ৰাহকConclusion:ৰঙিয়া পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.