কামৰূপ, ২৩ মে': ছয়গাঁৱৰ জাৰুৱাগাঁৱৰ নিবাসী তথা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দীৰ্ঘদিনীয়া সতীৰ্থ ৰবীন্দ্ৰ ৰাভাৰ শনিবাৰে দেহৱসান ঘটে । দিনৰ প্ৰায় ১.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে ৰবীন্দ্ৰ ৰাভাৰ ।
মৃত্যুৰ সময়ত ৰাভাৰ বয়স আছিল ১০৭ বছৰ । ৰবীন্দ্ৰ ৰাভা জনপ্ৰিয় খেলুৱৈ, নৃত্য প্ৰশিক্ষক আৰু বিবেক শিল্পী হিচাপে জনপ্ৰিয় আছিল । ৰবীন্দ্ৰ ৰাভাক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই "নাট চন্দ্ৰ" উপাধিৰে বিভূষিত কৰিছিল । তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই তেওঁৰ গৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷