ETV Bharat / state

চন্দ্ৰপুৰত নহ’ল; পামহিতো জাবৰ পেলাবলৈ সমস্যাত পৰিছে গুৱাহাটী পৌৰ নিগম - পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চ

চন্দ্ৰপুৰত প্ৰস্তাৱিত ডাম্পিং গ্ৰাউণ্ডৰ সিদ্ধান্ত চৰকাৰে বাতিল কৰাৰ পাছত গুৱাহাটী পৌৰ নিগমে শেহতীয়াকৈ পুনৰ দীপৰ বিল সংযোগী পামহি কেনেলৰ দাঁতিত স্থাপন কৰিছে ডাম্পিং গ্ৰাউণ্ড ৷ এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদমুখৰ হৈ পৰিছে দীপৰ বিলৰ দুয়োপাৰে থকা 16 খনকৈ গাঁৱৰ ৰাইজ ৷

pubic-meeting-against-dumping-ground-in-dipor-bil
গুৱাহাটীৰ ডাম্পিং গ্ৰাউণ্ড বিতৰ্কঃ পশ্চিম গুৱাহাটীত প্ৰতিবাদী সভা
author img

By

Published : Aug 22, 2021, 9:13 PM IST

Updated : Aug 22, 2021, 10:24 PM IST

গুৱাহাটী, 22 আগষ্ট : দীপৰ বিল সংযোগী পামহি কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে শেহতীয়াকৈ স্থাপন কৰিছে ডাম্পিং গ্ৰাউণ্ড ৷ ইয়াকে কেন্দ্ৰ কৰি দীপৰ বিলৰ দুয়োপাৰে বৃহত্তৰ অঞ্চলটোৰ 16 খন গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ পৌৰ নিগমৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে দেওবাৰে বিয়লি গড়চুকৰ সমীপৰ পামহিৰ ঐতিহাসিক দেহালথান মন্দিৰৰ বাকৰিত পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এখন বৃহৎ প্ৰতিবাদী সভা ৷

pubic meeting against dumping ground in Dipor Bil
ডাম্পিং গ্ৰাউণ্ডক লৈ পশ্চিম গুৱাহাটীত প্ৰতিবাদী সভা

সভাত তৰুণ চন্দ্ৰ তালুকদাৰ, বলেশ্বৰ ৰংপী, প্ৰদীপ কলিতা, সুশীল টেৰণ, মাণিক ভাগৱতী, সনেশ টেৰণ, আনন্দ টেৰণ, দময়ন্তী টেৰণকে ধৰি কেইবাজনো বক্তাই ভাষণ প্ৰদান কৰে ৷ লগতে নিজ ভাষণ প্ৰসংগত কোনো কাৰণতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ উলংঘা কৰি তথা পৰিবেশ সংৰক্ষণৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি পুনৰ দীপৰ বিলৰ আশে পাশে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে বক্তা সকলে ৷

পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ উপ সভাপতি উৎপল কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে মঞ্চৰ সাংগঠনিক সম্পাদক প্ৰমোদ কলিতাই । সভাত চকৰদৌ, দেউচতাল, পামহি, ধলবামা, মইনাখোৰোং, গড়চুক, পশ্চিম বৰাগাঁও, পূৱ বৰাগাঁও, মাঘুৱাপাৰা, আজাৰা, মিকিৰপাৰা আদি অঞ্চলৰ পুৰুষ-মহিলাকে ধৰি কেইবাশ লোক উপস্থিত থাকে ৷

ইফালে চৰকাৰে যদি অতি শীঘ্ৰে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল নকৰে বা ইয়াৰ পৰা স্থানান্তৰ নকৰে তেন্তে আগন্তক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে সভাত উপস্থিত ৰাইজে ৷ ইয়াৰ উপৰি সভাত অহা কেইদিনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ, দীপৰ বিল সংৰক্ষণৰ লগত জড়িত কৰ্তৃপক্ষ আৰু কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ দায়িত্ববাহী কৰ্তৃপক্ষক পত্ৰ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ইফালে বিগত কিছুদিন ধৰি দীপৰ বিলৰ কিছু নিলগৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত হাউছফেডৰ মাটিত জি এম চিয়ে দীপৰ বিল সংযোগী পামহি কেনেলত আৱৰ্জনা পেলাই অহাৰ ফলত পূৰ্বতকৈও দীপৰ বিলৰ পানী অধিক প্ৰদূষিত হোৱা বুলি সভাত বক্তাসকলে সদৰি কৰে ৷ ইতিমধ্যে ডাম্পিং গ্ৰাউণ্ডৰ বিপৰীত দিশত থকা পামহি অঞ্চলৰ লোক সকলে তীব্ৰ দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে বুলি উপস্থিত কেইবাজনেও মত ব্যক্ত কৰে ৷

লগতে পঢ়কঃ ৰাইজৰ দানৰ মাটিত স্থাপন কৰা গো-ৰিজাৰ্ভত কোনে চলালে বেদখল ?

Last Updated : Aug 22, 2021, 10:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.