ETV Bharat / state

বস্ত্ৰ উদ্যোগ এপ'ল পুনৰ আৰম্ভ কৰাৰ দাবীৰে ৰাজপথত বহিল কৰ্মচাৰী

বিগত 4 বছৰে 6 শতাধিক কৰ্মচাৰী কৰ্মৰত হৈ থকা ৰঙিয়াৰ তুলসীবাৰীস্থিত বৃহৎ বস্ত্ৰ উদ্যোগ এপ'ল পুনৰ আৰম্ভ কৰাৰ দাবীৰে স্বাধীনতা দিৱসৰ দিনটোতে প্ৰতিবাদত বহিল এপ'লৰ কৰ্মচাৰী সকল ৷

author img

By

Published : Aug 15, 2020, 1:15 PM IST

ৰাজপথত বহিল এপ'লৰ কৰ্মচাৰী
ৰাজপথত বহিল এপ'লৰ কৰ্মচাৰী

ৰঙিয়া, 15 আগষ্ট: বিগত 4 বছৰে প্ৰায় 6 শতাধিক কৰ্মচাৰী কৰ্মৰত হৈ থকা ৰঙিয়াৰ তুলসীবাৰীস্থিত বৃহৎ বস্ত্ৰ উদ্যোগ এপ'ল সম্প্ৰতি অচল ৷ উদ্যোগটো পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰক ভিন্ন সময়ত অনুৰোধ জনাই আহিছে কৰ্মচাৰী সকলে ৷ উদ্যোগটো পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা কেইবাবাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এই পৰ্যন্ত কাৰ্যক্ষম নহ'ল সেই প্ৰতিশ্ৰুতি ৷ যদিহে উদ্যোগটো পুনৰ আৰম্ভ নকৰে তেন্তে 15 আগষ্টৰ পাচত কৰ্মচাৰীসকলৰ ক্ষোভ ৰাজপথত প্ৰদৰ্শন কৰা হ'ব বুলি উল্লেখ কৰিছিল তেওঁলোকে ৷ যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে স্বাধীনতা দিৱসৰ দিনটোত অনশনত বহিল উদ্যোগটোত নিয়োজিত হৈ থকা কৰ্মচাৰী সকল ৷

বস্ত্ৰ উদ্যোগ এপ'ল পুনৰ আৰম্ভ কৰাৰ দাবীৰে ৰাজপথত বহিল কৰ্মচাৰী

উল্লেখ্য যে, উদ্যোগটো বন্ধ হৈ যোৱাৰ ফলত সম্প্ৰতি যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে উদ্যোগটোত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলৰ পৰিয়ালে ৷ বহুকেইগৰাকী লোকে দিন হাজিৰা বা কোনো কাম কৰি ভাতমুঠি মোকলাই আছিল যদিও লক ডাউন, বান আদিৰ বাবে সম্প্ৰতি বন্ধ হৈ পৰিছে তেওঁলোকৰ সেই উপাৰ্জনৰ বাট ৷ উদ্যোগৰ লগত জড়িত দুগৰাকীকৈ উপায়ন্তৰ কৰ্মচাৰীয়ে ইতিমধ্যে আত্মহত্যাৰ দৰে চৰম পন্থাও বাছি লৈছে কেইদিনমান পূৰ্বে উল্লেখ কৰিছিল একাংশ কৰ্মকৰ্তাই ৷ তেনেস্থলত জাতি, মাটি, ভেটিৰ কথা ৰৈ শাসনৰ গাদীত উঠা চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰখাত বিফল হোৱাটো দুৰ্ভগ্যজনক কথা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ যদি অকণমানো অসমৰ খিলঞ্জীয়া লোকৰ প্ৰতি চৰাকৰৰ সহানুভুতি আছে তেন্তে এপ'লৰ কৰ্মচাৰী সকলৰ লগতে, অসমৰ 20 লক্ষাধিক যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি পুৰণ কৰিব লাগে ৷ এই দাবী এপ'লৰ প্ৰতিবাদী কৰ্মচাৰী সকলৰ ৷ তেওঁলোকৰ অভিযোগ চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ বিপৰীত কাৰ্যপন্থা সমূহহে গ্ৰহণ কৰি আছে ৷ এইখন চৰকাৰ খিলঞ্জীয়াৰ নহয় বুলিও সমালোচনা কৰে তেওঁলোকে ৷ শনিবাৰে এপ'লৰ কৰ্মচাৰী সকলে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়া আৰু বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে একাংশ স্থানীয় লোকেও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: অচল তুলসীবাৰীস্থিত বৃহৎ বস্ত্ৰ উদ্যোগ, ক্ষুব্ধ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.