ETV Bharat / state

সূৰ্যমুখী ফুলৰ বাগিচাৰে চৰ্চা লাভ এজন খেতিয়কৰ - kamrup news

বকোৰ মাজপাৰা গাঁৱত নিজ মাটিতে আকৰ্ষণীয় সূৰ্যমুখী ফুলৰ খেতি কৰিছে ফুকন ৰাভা নামৰ খেতিয়কে ৷ এবিঘা মাটিত কৰা এই খেতি চাবলৈ দূৰ-দূৰণিৰ পৰা আহে বহু দৰ্শক ৷

sunflower-garden
সূৰ্যমুখী ফুলৰ বাগিচা
author img

By

Published : Apr 30, 2021, 8:55 AM IST

Updated : Apr 30, 2021, 3:47 PM IST

বকো, 30 এপ্ৰিল : ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বকোৰ এখন বিশেষ গাঁও । এসপ্তাহৰ ভিতৰতে এখন মনোমোহা ফুলৰ বাগিছা চোৱাৰ লগতে ফটো তোলা আৰু ভিডিঅ’ বনাবলৈ বিভিন্ন অঞ্চলৰ পৰা ভিৰ কৰিছেহি বহু দৰ্শক ৷ বকোৰ বন্দাপাৰাৰ সমীপৰ মাজপাৰা গাঁৱত ফুকন ৰাভা নামৰ এজন খেতিয়কে নিজ খেতি পথাৰতে এবিঘা মাটিত কৰিছে মনোমোহা সূৰ্যমুখী ফুলৰ খেতি ।

সূৰ্যমুখী ফুলৰ বাগিচা

দেখা মাত্ৰকেই মন প্ৰফুল্লিত কৰি তোলা এই সূৰ্যমুখী ফুলনিৰ খেতি চাবলৈ বৰ্তমান দূৰ-দূৰণিৰ পৰা ডেকা-গাভৰু আহি ভিৰ কৰা পৰিলক্ষিত হৈছে । বিগত বৰ্ষৰ পৰা আৰম্ভ কৰা এই সূৰ্যমুখী ফুলৰ খেতি চাবলৈ অহা মানুহ দেখি যথেষ্ট উৎফুল্লিত হৈ পৰিছে খেতিয়ক ফুকন ৰাভা ।

উল্লেখ্য যে, কোনো ধৰণৰ চৰকাৰী সা-সুবিধা নোহোৱাকৈ নিজ প্ৰচেষ্টাৰে আৰম্ভ কৰা এই সূৰ্যমুখী ফুলৰ খেতি চাবলৈ অহা লোকসকলে খেতিয়কজনক যথেষ্ট উৎসাহ যোগোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : নিৰ্বাচন ফলাফল ঘোষণা ক্ষেত্ৰত তেজপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ

Last Updated : Apr 30, 2021, 3:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.