ETV Bharat / state

No pure drinking water: ৰাজধানীৰ দাঁতিকাষৰীয়া ছয়গাঁও সমষ্টিত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত অৰ্ধশতাধিক পৰিয়াল

author img

By

Published : Jun 9, 2023, 1:57 PM IST

কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱত নাই জল জীৱন মিছনৰ কোনো সু-ব্যৱস্থা ৷ ফলত কিনানগাঁও আৰু চক্ৰশিলা গাঁৱৰ পঞ্চাশটাতকৈও অধিক পৰিয়ালে দীৰ্ঘদিন ধৰি নিজৰাৰ পানীৰে দূৰ কৰি আহিছে তৃষ্ণা (Drinking water scarcity at Boko) ৷

Jal Jeevan Mission
নাই জল জীৱন মিছনৰ কোনো সু-ব্যৱস্থা

নাই জল জীৱন মিছনৰ কোনো সু-ব্যৱস্থা

বকো, 9 জুন : পানীয়েই প্ৰাণীৰ প্ৰাণ ৷ পানীক লৈ আন্দোলন, পানীক লৈ ৰাজনীতি, পানীক লৈ ব্যৱসায়িক পৰিকল্পনা আদি বহুতো কিবাকিবি হয় ৷ এই সমূহৰ মাজতে এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বহু জনতা বঞ্চিতও হয় ৷ অসমতে এনে উদাহৰণ বহু আছে ৷ ঘৰে ঘৰে পানী যোগানৰ বাবে চৰকাৰে অভিলাষী জল জীৱন মিছনৰ দৰে আঁচনি গ্ৰহণ কৰিছে ৷ শেষঘৰ মানুহলৈকে বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰা বুলি দাবী কৰিলেও কিন্তু সঁচা ছবিখন কিছু বেলেগ ৷

ৰাজ্যৰ ৰাজধানীৰ গাতে লাগি থকা ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁও ইয়াৰ উৎকৃষ্ট উদাহৰণত পৰিণত হৈছে ৷ কিয়নো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ সংমণ্ডলৰ (PHED) পৰা প্ৰায় 14 কিলোমিটাৰ দূৰত্বত অৱস্থিত কিনাগাঁৱত নাই ভাৰত চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ কোনো ব্যৱস্থা (Jal Jeevan Mission) । ফলত নিজৰাৰ পানীৰে তৃষ্ণা দূৰ কৰিছে গাঁওবাসীয়ে ৷

দীৰ্ঘদিন ধৰি কিনানগাঁও আৰু চক্ৰশিলা গাঁৱৰ পঞ্চাশটাতকৈও অধিক পৰিয়ালে কিনানগাঁও গাঁৱত থকা পাহাৰৰ এটি নিজৰাৰ পৰা খোৱাপানী সংগ্ৰহ কৰি আহিছে । কিন্তু এইবোৰলৈ যেন ভ্ৰূক্ষেপ নাই স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিৰ ৷ উপায়ন্তৰ হৈ সেয়ে এই নিজৰাৰ পানী গ্ৰহণ কৰে স্থানীয় ৰাইজে ৷ এই অভিযোগ অঞ্চলটোৰ স্থানীয় ৰাইজৰ (Drinking water scarcity at Boko) ৷

উল্লেখ্য যে, কিনান গাঁওখন গাৰো জনজাতীয় লোকৰ বসতিপ্ৰধান অঞ্চল । কিনানগাঁও আৰু চক্ৰশিলা গাঁৱৰ অৰ্ধশতাধিক অধিক মহিলাই প্ৰতিদিনে খোজকাঢ়ি এই ঠাইলৈ আহে পানী নিবলৈ ৷ স্থানীয় এগৰাকী মহিলাই উল্লেখ কৰা অনুসৰি, অঞ্চলটোৰ এগৰাকী মহিলাই এটা পৰিয়ালৰ খোৱাৰ বাবে দৈনিক প্ৰায় 20 ৰপৰা 30 লিটাৰ পানী সংগ্ৰহ কৰে ।

লগতে পঢ়ক : Jal Jeevan Mission: এবছৰ নৌহওঁতেই ফাটিল জল জীৱন মিছনৰ পানীৰ পাইপ

মহিলাগৰাকীয়ে আৰু কয় যে তেওঁলোকৰ কুঁৱা আছে ৷ কিন্তু পানী ভাল নহয় ৷ সেয়েহে তেওঁলোকে জুৰি বা নিজৰাৰ পৰা প্ৰতিদিনে খোৱাৰ বাবে পানী সংগ্ৰহ কৰিবলৈ আহে । সেয়ে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক কিছু দৃষ্টি দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷

উল্লেখযোগ্য যে, জল জীৱন অভিযানৰ জৰিয়তে 2024 চনৰ ভিতৰত ব্যক্তিগত ঘৰুৱা টেপ সংযোগৰ জৰিয়তে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ সকলো ঘৰতে সুৰক্ষিত আৰু পৰ্যাপ্ত খোৱাপানী যোগান ধৰাৰ কল্পনা কৰা হৈছে (Central Government project Jal Jeevan Mission)। কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে, কেন্দ্ৰৰ এই অভিলাষী কাৰ্যসূচী জল জীৱন মিছনে 2021 চনলৈকে অসমত 22.17 শতাংশহে সফলতা লাভ কৰিছে (Poor implementation of Jal jeevan mission in Assam) ।

লগতে পঢ়ক : Waterless Jal Jeevan Mission at Kaliabor : জলহীন জলজীৱন; আজিও ৰাজ্যৰ বহু অঞ্চলত ঘোলা পানীৰে পিয়াহ গুচাইছে ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.