ETV Bharat / state

বকোত উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্য়ু স্থানীয় লোকৰ

author img

By

Published : Sep 4, 2019, 12:01 AM IST

বকো সমষ্টিৰ 2ং উত্তৰ চেখাদাৰীত সংঘটিত হয় শোকাৱহ ঘটনা ৷ ছিঙি পৰি থকা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰত লাগি মৃত্যু ঘটে এজন লোকৰ ৷

বকোত উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্য়ু স্থানীয় লোকৰ

বকো, 3 ছেপ্তেম্বৰঃ যোৱা নিশা বতাহ-বৰষুণৰ মাজতে ২নং উত্তৰ চেখাদাৰীত ৪৪০ ভল্টেজৰ বিদ্যুত পৰিবাহী তাঁৰ এডাল ছিঙি পৰিছিল ৷ উক্ত তাঁৰত লাগিয়ে মৃত্যু ঘটে ২নং উত্তৰ চেখাদাৰীৰ ময়জুদ্দিন আলী(৪০)নামৰ লোকজনৰ ৷ লাঙি জাল পাতিবলৈ যোৱা অৱস্থাত লোকজনে তাঁৰডাল গচকি দিয়াৰ ফলতেই এইদৰে মৃত্যুক সাৱতি লয় ৷

বকোত উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্য়ু স্থানীয় লোকৰ

বকো বৈদ্যুতিক উপ সংমণ্ডলৰ এজন কৰ্মচাৰী বিষ্ণু দাসে বৈদ্যুতিক তাঁৰডাল পুনৰ সংযোগ কৰিবলৈ যাওঁতে ৰাইজে আৱদ্ধ কৰি ৰাখে ৷ মন্দিৰা আৰক্ষী চকীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷

বকো বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া হিমু কলিতাই জনাই যে, তেওঁলোকক বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰি থকা বুলি গাঁৱৰ পৰা জনোৱা নাছিল । ঘটনা সংঘটিত হোৱা পিছত হে ঘটনাটোৰ বিষয়ে তেওঁলোকে অৱগত হয় । লগতে তেওঁ জানিবলৈ দিয়ে যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত হে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

Intro:Body:বিদ্যুত বিভাগৰ চুড়ান্ত গাফিলতিৰ বাবে আজি ৰাতিপুৱা এজন লোকৰ বিদ্যুতষ্পৃষ্ঠ হৈ কৰুণ ভাবে মৃত্যুক সাৱটি লয়। এই ঘটনা সংঘটিত হৈছে বকো সমষ্টিৰ ২নং উত্তৰ চেখাদাৰীত। জানিব পৰা মতে, যোৱা নিশা বতাহ-বৰষুণৰ মাজতে ২নং উত্তৰ চেখাদাৰীত ৪৪০ ভল্টেজৰ বিদ্যুত পৰিবাহী তাঁৰ এডাল ছিঙি পৰিছিল। ৰাতিপুৱা ঘটনাটো প্ৰত্যক্ষ কৰি এজন লোকে বিদ্যুত বিভাগৰ হেকেৰা কণ্ট্ৰল ৰুমত অৱগত কৰে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিদ্যুত বিভাগে। ফলত এই ঘটনা সন্দৰ্ভত অৱগত নোহোৱা ২নং উত্তৰ চেখাদাৰীৰ ময়জুদ্দিন আলী(৪০)নামৰ লোকজনে হাতত লাঙি লৈ পথাৰলৈ ওলাই আহি থকা অৱস্থাত ছিঙি মাটিত পৰি থকা বিদ্যুত পৰিবাহী তাঁৰ ডালৰ গচকত বিদ্যুতষ্পৃষ্ঠ হৈ থিতাতে মৃত্যু হয় ময়জুদ্দিন আলীৰ। ঘটনা সংঘটিত হোৱা পিছত অঞ্চলতোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। বকো বৈদ্যুতিক উপ সংমণ্ডলৰ এজন কৰ্মচাৰী বিষ্ণু দাসে বৈদ্যুতিক তাঁৰডাল পুনৰ সংযোগ কৰিব যাওঁতে ৰাইজে আৱদ্ধ কৰি ৰাখে। অৱশেষত, বকো থানাৰ অন্তৰ্গত মন্দিৰা আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে লগতে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজৰ অভিযোগ আওপুৰণি বিদ্যুতৰ তাৰ সলনি নকৰাৰ বাবে এনে অঘটন সংঘটিত হৈ আহিছে।

আনহাতে, বকো বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া হিমু কলিতাই জনাই যে, তেওঁলোকক বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰি থকা বুলি গাঁৱৰ পৰা জনোৱা নাছিল। ঘটনা সংঘটিত হোৱা পিছত হে ঘটনাটোৰ বিষয়ে তেওঁলোকে অৱগত হয়। লগতে তেওঁ জানিবলৈ দিয়ে যে মৃতদেহৰ মৰোণোত্তৰ পৰীক্ষাৰ পাছত হে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব।

BYTE_ স্থানীয় ব্যক্তি
BYTE_ হিমু কলিতা, বকো বৈদ্যুতিক উপ সংমণ্ডলৰ মূখ্য বিষয়াConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.