ETV Bharat / state

ৰঙিয়াত ক’ভিডে প্ৰাণ কাঢ়িলে এজনৰ

মঙলবাৰে ৰঙিয়াত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু এজন লোকৰ ৷ সোমবাৰে দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাচতে তেওঁক ভৰ্তি কৰোৱা হৈছিল ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৷ কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ ফলত মৃত্য়ু হয় লোকজনৰ ৷

one person death due to covid
ৰঙিয়াত ক’ভিডে প্ৰাণ কাঢ়িলে এজনৰ
author img

By

Published : May 6, 2021, 11:37 AM IST

ৰঙিয়া, 5 মে’: ৰঙিয়াত মঙলবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় এজন লোকৰ ৷ মঙলবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত মৃত্যু হয় লোকজনৰ ৷

মৃত লোকজন ৰঙিয়াৰ বনগাঁৱৰ কুশল চৌধুৰী (54) বুলি জানিব পৰা গৈছে ৷ সোমবাৰে কুশল চৌধুৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত তেওঁৰ দেহত ধৰা পৰিছিল ক’ভিডৰ অৱস্থিতি । লোকজনে নিজ বাসগৃহতে আইচ’লেশ্বনত থাকে যদিও মঙলবাৰে অধিক স্বাস্থ্যৰ অৱনতি ঘটে ।

ইয়াৰ পাচতে তেওঁক ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় আৰু চিকিৎসালয়তে মৃত্যুক সাৱটি লয় লোকজনে ৷ তেওঁৰ মৃত্যুত সমগ্ৰ ৰঙিয়াতে এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : দৰঙত মঙলবাৰে নতুনকৈ 151 গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.