কামৰূপ,26 এপ্ৰিল: কামৰূপ জিলাৰ হাজোৰ দামপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ড্ৰাগছ সেৱন কৰি থকা অৱস্থাততেই মৃত্যু হ'ল শুৱালকুছিৰ বাঘেৰীচুপৰ কুশল শৰ্মা নামৰ লোক এজনৰ । আনহাতে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে আটক কৰিছে শুৱালকুছি নপাৰাৰ সংগ্ৰাম বৈশ্য নামৰ আন এটা ড্ৰাগছ আসক্ত যুৱকক ।
এই ঘটনাৰ পাছতেই নিহত কুশল শৰ্মা আৰু আটকাধীন সংগ্ৰাম বৈশ্যই দীৰ্ঘ দিনধৰি ড্ৰাগছ সেৱন কৰাৰ লগতে হাজোৰ দামপুৰ অঞ্চল ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
ঘটনা অনুসৰি, দেওবাৰে নিশা দুয়ো যুৱকে ড্ৰাগছ ক্ৰয় কৰি দামপুৰৰ পূৱ খাণ্ডাপাৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত সেৱন কৰি আছিল । তেনে সময়তে হঠাৎ ঢলি পৰিছিল কুশল শৰ্মা । তাৰ পিছতেই একাংশ স্থানীয় লোকে যুৱকজনক চিকিৎসালয়লৈ নিয়াৰ চেষ্টা চলাই যদিও যুৱক জনৰ ঘটনাস্থলীতেই মৃত্যু হয় ।
এই চাঞ্চল্যকৰ ঘটনাৰ পাছতেই হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কুশল শৰ্মাৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ আনজন ড্ৰাগছ আসক্ত সংগ্ৰাম বৈশ্যক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক-অ’ এন জি চিৰ অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষীৰ জোৱান !