কামৰূপ, 18 ডিচেম্বৰ : উত্তৰ কামৰূপত একাংশ অসাধু ব্যৱসায়ীয়ে মূল্যৱান গছ-গছনি কাটি তহিলং কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ হাজো ৰেঞ্জৰ অধীনত বন বিষয়াক মেনেজ কৰি একাংশ চোৰাং ব্যৱসায়ীয়ে বন ধ্বংস যজ্ঞ অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে ৷
তথ্য অনুসৰি,উত্তৰ কামৰূপৰ হাজো ৰেঞ্জৰ অধীনত থকা মাগুৰি,চনেশ্বৰ,দিমু,পালৰা আদিত ঠাইত গঢ়ি উঠিছে অবৈধ কাঠ ফলা মিল । ৰাইজৰ অভিযোগ অনুসৰি,বন বিভাগৰ আশীৰ্বাদত গঢ়ি উঠিছে 10 টাকৈ কাঠ ফলা মিল । যাৰ বাবে অঞ্চলটোৰ সচেতন ৰাইজে শীঘ্ৰে মূল্যৱান গছ-গছনি কটা ৰোধ কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ৷
লগতে পঢ়ক : মুম্বাই আৰক্ষীৰ ‘ঔপনিৱেশিক আইন’ক প্ৰত্যাহ্বান ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰীৰ