গুৱাহাটী , 19 মে' : দেওবাৰে ৰাজ্যৰ আঞ্চলিক ৰাজনীতিত সংযোজন ঘটিল এটা নতুন দলৰ ৷ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ উদ্যোগত প্ৰথমখন অধিৱেশন অনুষ্ঠিত হয় মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰত ৷
সকলো জাতি-জনগোষ্ঠীৰ উন্নয়ন, উগ্ৰ জাতীয়তাবাদৰ বিৰোধিতা, নৱপ্ৰজন্মক অগ্ৰাধিকাৰ দিয়াকে আদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ উদ্দেশ্য, আদৰ্শ আৰু কৰ্মপন্থা আগত ৰাখি গঠন কৰিছে নতুন দলটি ৷ বিশেষকৈ বৰ্তমানৰ আঞ্চলিকতাবাদী দলৰ উদ্দেশ্য আৰু কাৰ্যপন্থাই জনসাধাৰণৰ মাজত সৃষ্টি কৰা বিৰূপ প্ৰভাৱৰ বাবেই এনে এটা নতুন দল জন্ম দিয়াৰ কথা ঘোষণা কৰে দলটোৰ আহ্বায়ক সকলে ৷ এই অধিৱেশনতে দলটোৰ নাম,ইস্তাহাৰ,চিহ্ন আদি নিৰ্ধাৰণৰ বাবে বহুকেইখন সমিতি গঠন কৰে ৷ সেই অনুসৰি ছমাহৰ ভিতৰত শিৱসাগৰত অনুষ্ঠিত হ'ব লগা জাতীয় ৰাজনৈতিক অভিৱৰ্তনত দলটোৰ নাম আৰু সকলো কাৰ্যপন্থাৰ কথা ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে ৷
অসমৰ সকলো ঠাইৰ পৰা বহু প্ৰতিনিধিয়ে অংশ লোৱা অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট ছবি পৰিচালক জাহ্নু বৰুৱাই নতুন প্ৰজন্মৰ আস্থা থাকিব পৰাকৈ দলটোৱে কাম কৰিব লাগিব বুলি মন্তব্য কৰে ৷
বৰ্তমান সময়ত অগপ দলে জাতীয়তাবাদ ধৰি ৰখাত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰি থলুৱা জাতি-জনগোষ্ঠীৰ স্বাভিমান ধৰি ৰাখিবলৈ ব্যৰ্থ হোৱাৰ বাবেই নতুন দলটো গঠন কৰিবলৈ বাধ্য হ'ল বুলি মন্তব্য কৰে উপস্থিত লোক সকলে ৷ দেওবাৰে অনুষ্ঠিত অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা,নেকিবুৰ জামান,পুলক বেনাৰ্জী,মুছলিম যুৱ পৰিষদৰ সভাপতি দাদুল আলীকে প্ৰমুখ্য কৰি বহুসংখ্যক লোক উপস্থিত থাকে ৷ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ আহ্বায়ক অৰূপ বৰবৰা আৰু সমন্বয়ৰক্ষী লাচিত বৰদলৈ ৷