ETV Bharat / state

ৰঙিয়া টাউন জামে মছজিদ কমিটিৰ নিজাববীয়া ক’ভিড নিৰ্দেশনা

author img

By

Published : Apr 22, 2021, 8:35 PM IST

কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নামাজৰ ক্ষেত্ৰত ৰঙিয়া টাউন জামে মছজিদ কমিটিয়ে নিজাববীয়াকৈ লৈছে কেতবোৰ নীতি নিয়ম ৷ চৰকাৰী নিৰ্দেশনাত ২০ জনৰ অনুমতিৰ বিপৰীতে মাত্ৰ চাৰিজন ব‍্যক্তিয়েহে নামাজ সম্পন্ন কৰিবলৈ অনুমতি মছজিদত কমিটিৰ ৷ এই চাৰিজন ব্যক্তিয়ে মাস্ক পৰিধান কৰি, হাত ছেনিটাইজ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই সম্পন্ন কৰিব লাগিব নামাজ ।

new-covid-19-guideline-issued-by-rangia-town-jame-masjid-committee
ৰঙিয়া টাউন জামে মছজিদ কমিটিৰ নিজাববীয়াকৈ ক’ভিড নিৰ্দেশনা

ৰঙিয়া,২২ এপ্ৰিল: ক’ভিডৰ দ্বিতীয়টো জোৱাৰে ত্ৰাস সৃষ্টি কৰাৰ সময়তে ৰঙিয়া টাউন জামে মছজিদ কমিটিয়ে লৈছে প্ৰশংসনীয় পদক্ষেপ । ব্যাপক হাৰত কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত চৰকাৰে জাৰি কৰিছে SOP । এই নিৰ্দেশনাত বান্ধি দিয়া হৈছে কেতবোৰ নীতি নিয়ম । SOP অনুসৰি কোনো ধৰ্মীয় স্থানত ২০ জনতকৈ অধিক লোক অংশগ্ৰহণ কৰিব নোৱাৰিব । এই নিৰ্দেশনা মানি ৰঙিয়াৰ টাউন জামে মছজিদ কমিটিয়ে বন্ধ কৰিছে সমূহীয়া নামাজ । মছজিদৰ সন্মুখত আৰি দিয়া হৈছে জাননী ।

মাত্ৰ চাৰিজন ব‍্যক্তিয়েহে নামাজ সম্পন্ন কৰিব মছজিদত । চাৰিজন লোকৰ ক্ষেত্ৰটো থাকিব নীতি নিৰ্দেশনা । মছজিদৰ ইমাম আৰু অন্য তিনিগৰাকী লোকে নমাজ সম্পন্ন কৰিব । মছজিদত প্ৰৱেশ কৰিবলৈ এই চাৰিজন ব্যক্তিয়ে মাস্ক পৰিধান কৰি, হাত ছেনিটাইজ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই নামাজ আদায় কৰিব লাগিব । চৰকাৰী নিৰ্দেশনা অনুসৰি ২০ জনৰ অনুমতি আছিল যদিও ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মছজিদ কমিটিয়ে নিজাববীয়াকৈ লৈছে এই বিশেষ পদক্ষেপ । লগতে ৫৫ বছৰৰ উৰ্ধৰ ব‍্যক্তি আৰু শিশু সকলকো মছজিদলৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে মছজিদ কমিটিয়ে । তাৰোপৰি পবিত্ৰ ৰমজান মাহৰ বাবে সমুহীয়া ইফটাৰ বন্ধ কৰিছে । নিজৰ লগতে নিজৰ পৰিয়ালটোক সুস্থ ৰখাৰ বাবে সকলোকে ঘৰতে নামাজ আদায় কৰিবলৈ আহ্বান জনাইছে মছজিদ কমিটিয়ে ।

লগতে পঢ়ক : কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত শোক প্ৰকাশ জুবিন গাৰ্গৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.